গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু'ত উপস্থিত হ'ল টীম ইণ্ডিয়াৰ আন তিনি তাৰকা খেলুৱৈ। কিছু সময়ৰ পূৰ্বে গুৱাহাটীত উপস্থিত হোৱা বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুল ৰেডিছন ব্লুত উপস্থিত হয়। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে তিনিওকে বৰঝাৰ বিমানবন্দৰৰ পৰা হোটেললৈ অনা হয়।
উল্লেখ্য যে, আজি দুপৰীয়া কুলদীপ যাদৱ, মহম্মদ ছামী আৰু মহম্মদ চিৰাজ গুৱহাটীত উপস্থিত হ'ব। বিয়লি আটাইকেইজন ক্ৰিকেটাৰে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব।
ইফালে, ৰোহিত শৰ্মাই আগন্তুক ভাৰত–শ্ৰীলংকাৰ ৫০ অভাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ বাবে নিশাতেই গুৱাহাটীত আহি উপস্থিত হয়। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অহা ১০ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এদিনীয়া ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 08, 2023, 11:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।