মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »কিছু সময়ৰ পাছতেই গুৱাহাটীত উপস্থিত হ'ব টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলী; সন্ধিয়া পৰ্যন্ত উপস্থিত হ'ব ভাৰত-শ্ৰীলংকাৰ দুয়োটা দল

কিছু সময়ৰ পাছতেই গুৱাহাটীত উপস্থিত হ'ব টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলী; সন্ধিয়া পৰ্যন্ত উপস্থিত হ'ব ভাৰত-শ্ৰীলংকাৰ দুয়োটা দল

নিশাই তাৰকা বেটছমেন ৰোহিত শৰ্মা গুৱাহাটীত উপস্থিত হৈছে। হোটেল ৰেডিছন ব্লু'ত খেলুৱৈগৰাকীয়ে বাহৰ পাতিছে

নিশাই তাৰকা বেটছমেন ৰোহিত শৰ্মা গুৱাহাটীত উপস্থিত হৈছে। হোটেল ৰেডিছন ব্লু'ত খেলুৱৈগৰাকীয়ে বাহৰ পাতিছে

নিশাই তাৰকা বেটছমেন ৰোহিত শৰ্মা গুৱাহাটীত উপস্থিত হৈছে। হোটেল ৰেডিছন ব্লু'ত খেলুৱৈগৰাকীয়ে বাহৰ পাতিছে

  • Share this:
অসমত অনুষ্ঠিত হ’ব ৫০ অভাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ। এই খেলখন ভাৰত আৰু শ্ৰীলংকাৰ  মাজত ১০ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ভাৰত আৰু শ্ৰীলংকাৰ দুয়োটা ক্ৰিকেট দল আজি অসমলৈ আহিব।

ইতিমধ্যে, নিশাই তাৰকা বেটছমেন ৰোহিত শৰ্মা গুৱাহাটীত উপস্থিত হৈছে। হোটেল ৰেডিছন ব্লু'ত খেলুৱৈগৰাকীয়ে বাহৰ পাতিছে।

জানিব পৰা মতে, আজি পুৱা ৯ বাজি ৩০ মিনিটত তাৰকা খেলুৱৈ বিৰাট কোহলী গুৱাহাটীৰ বৰঝাৰৰ বিমানবন্দৰত উপস্থিত হ'ব। কোহলী বৰঝাৰৰ পৰা পোনে পোনে ৰেডিছন ব্লু' হোটেললৈ আহিব।

খেলুৱৈসকলৰ আগমনক লৈ হোটেল ৰেডিছন ব্লু'ৰ সন্মুখত বৰ্তমান কটকটীয়া নিৰাপত্তা বেষ্টনী। অসম আৰক্ষীৰ বিষয়া-জোৱানসকলে নিৰাপত্তাৰ দ্বায়িত্ব পালন কৰা দেখা গৈছে।

ইফালে, দিনৰ ২ বজাত আন কেইবাগৰাকী ভাৰতীয় খেলুৱৈ গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছে। ইয়াৰ পিছতেই কোহলী, ৰোহিতৰ লগতে দিনত উপস্থিত হোৱা খেলুৱৈসকলে বিয়লি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব।

উল্লেখযোগ্য যে, ভাৰত-শ্ৰীলংকাৰ দুয়োটা দলৰ আটাইকেইগৰাকী খেলুৱৈ সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব।

শেহতীয়া বাতৰি