আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত টি–২০। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব শৃংখলাৰ প্ৰথমখন মেচ। বিয়লি ৪ বজাৰ পৰা খুলি দিয়া হ’ব ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ। ভাৰত–শ্ৰীলংকাৰ খেলক লৈ গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।
খেল যাবলৈ যোৱা দৰ্শকে লগত নিব পাৰিব ম’বাইল, গাড়ীৰ ছাবি আৰু মানীবেগ। তাৰ বিপৰীতে ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব কোনো পোষ্টাৰ, জাতীয় পতাকা, চাৰি–ছয় লিখা প্লেকাৰ্ড আদি।
খেলৰ পূৰ্বে শনিবাৰে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে কয় যে শ্ৰীলংকাৰ বিৰুদ্ধে আমি জয়ী হ’ম গুৱাহাটীত। সন্মুখত টী-২০ বিশ্বকাপ আছে, সেয়ে নৱাগত সকলৰ বাবে এই তিনিখন টী-২০ এটা ভাল সুযোগ হ’ব।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|