গুৱাহাটীৰ বৰ্ষাপাৰ ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব। ভাৰত-শ্ৰীলংকাৰ মাজত হ’বলগীয়া দিবা–নৈশ এদিনীয়া মেচখনক লৈ বৃহস্পতিবাৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে সংবাদমেল সম্বোধন কৰি মেচখনৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে।
আজি সন্ধিয়া ৭.৫৫ বজাত গুৱাহাটী পাবহি দুয়োটা দল আৰু দুয়োটা দল থাকিব ৰেডিচন ব্লু হোটেলত। গুৱাহাটীত উপস্থিত হোৱাৰ পিছত ৯ তাৰিখে দুয়োটা দলে বৰ্ষাপাৰাত অনুশীলন কৰিব বুলিও সংবাদমেলত সদৰী কৰে সভাপতি তৰংগ গগৈয়ে। ৯ জানুৱাৰীৰ বিয়লি ১ৰ পৰা ৪ বজালৈ শ্ৰীলংকাই আৰু ভাৰতীয় দলে ৫ৰ পৰা ৮বজালৈ অনুশীলন কৰিব।
পূৰ্বে কাৰিকৰী বিজুতিৰ বাবে খেলৰ মাজত লাইট বন্ধ হৈছিল যদিও এইবাৰ টেণ্ডাৰিঙৰ যোগেদি পুৰণা লাইট সলনি কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি কয় গগৈয়ে। অৱশ্যে পুৰণি লাইটৰ যোগেদিয়েই এইবাৰৰ খেল অনুষ্ঠিত হ’ব। খেলৰ পিছতহে নতুন এল ই ডি লাইট লগোৱা হ’ব। এদিনীয়া মেচখনৰ বাবে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা দুটা পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে বুলিও জনায়।
এই এদিনীয়া মেচখন সফলভাৱে আয়োজন কৰিব বুলি উল্লেখ কৰি চলিত বছৰৰ শেষৰ পিনে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ এখন খেল গুৱাহাটীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাও আছে বুলি জনাই সভাপতিগৰাকীয়ে। ভাৰতীয় দলৰ খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু সেয়ে বিশ্বকাপৰ আগে আগে ষ্টেডিয়ামৰ সকলো মেৰামতিৰ কাম সম্পন্ন কৰি তোলা হ’ব বুলি কয় গগৈয়ে।
ইফালে, ভাৰত-শ্ৰীলংকাৰ মাজত হ’বলগীয়া এদিনীয়া মেচখনৰ বাবে ১০ হাজাৰ টিকট ইতিমধ্যে বিক্ৰী হৈছে৷ দৰ্শকসকলে নেহৰু ষ্টেডিয়ামত বুক মাই শ্ব’ৰ যোগেদি টিকটসমূহ সংগ্ৰহ কৰিব পাৰিব৷ ইয়াৰ উপৰি ১০ হাজাৰ টিকট জিলাসমূহলৈ প্ৰেৰণ কৰা হৈছে। ১০ হাজাৰ টিকট এতিয়াও অসম ক্ৰিকেট সন্থাৰ হাতত আছে বুলি জানিবলৈ দিয়ে।
আনহাতে, বিগত বৰ্ষৰ অক্টোবৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা টি-২০ মেচখনৰ সময়ত খেলপথাৰত সাপ প্ৰৱেশ কৰাক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত মন্তব্য কৰি সভাপতি গগৈয়ে কয় যে এইবাৰ সাপ নোসোমাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এণ্টি স্নেক নামৰ এন জি অ’ক দায়িত্ব দিয়া হৈছে।
গগৈয়ে কয়, ‘৩৫ হাজাৰ টকাৰ বিনিময়ত এই এন জি অ’টোক দায়িত্ব দিয়া হৈছে। লগতে খেলপথাৰৰ প্ৰতিটো নলাতে ব্যৱহাৰ কৰা হ’ব ৰাসায়নিক দ্ৰব্য’। ইফালে ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত অত্যধিক দামত খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উঠিছিল আৰু এইবাৰ তেনে অভিযোগ উত্থাপন হ’লে প্ৰতিষ্ঠানক ব্লেক লিষ্টেড কৰিব বুলি কয় অসম ক্ৰিকেট সন্থাই। অৱশ্যে দৰ্শকসকলক এই ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান অসম ক্ৰিকেট সন্থাৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 07, 2023, 11:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।