হোটেল ৰেডিছন ব্লু'ত উপস্থিত টীম ইণ্ডিয়াৰ আন এক তাৰকা খেলুৱৈ। কিছু সময়ৰ পূৰ্বে গুৱাহাটীত উপস্থিত হোৱা মহম্মদ ছামী উপস্থিত হয় ৰেডিছন ব্লু হোটেলত। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বলাৰগৰাকীক হোটেললৈ অনা হয়।
কিছু সময়ৰ পাছতেই গুৱহাটীত উপস্থিত হ'ব কুলদীপ যাদৱ আৰু মহম্মদ চিৰাজ। বিয়লি আটাইকেইজন খেলুৱৈৱে বৰ্ষাপাৰাত অনুশীলন চলাব আগন্তুক ভাৰত–শ্ৰীলংকাৰ খেলখনৰ বাবে।
বিয়লি ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰৰ সৈতে আটাইকেইজনে অনুশীলন চলাব।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 08, 2023, 14:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।