• Home
  • »
  • News
  • »
  • sports
  • »
  • Ravindra Jadeja: মোহালিত ৰবীন্দ্ৰ জাদেজাই ভাঙিলে ৩৫ বছৰ পুৰণি অভিলেখ, ৫৭৪ত ইনিংছ ঘোষণা ভাৰতৰ

Ravindra Jadeja: মোহালিত ৰবীন্দ্ৰ জাদেজাই ভাঙিলে ৩৫ বছৰ পুৰণি অভিলেখ, ৫৭৪ত ইনিংছ ঘোষণা ভাৰতৰ

India vs Sri Lanka 1st Test:  কানপুৰত ১৬৩ ৰানেৰে ১৯৮৬ চনত অভিলেখ ৰচিছিল কপিলদেবে

India vs Sri Lanka 1st Test: কানপুৰত ১৬৩ ৰানেৰে ১৯৮৬ চনত অভিলেখ ৰচিছিল কপিলদেবে

India vs Sri Lanka 1st Test: কানপুৰত ১৬৩ ৰানেৰে ১৯৮৬ চনত অভিলেখ ৰচিছিল কপিলদেবে

  • Share this:
ৰবীন্দ্ৰ জাদেজাই আন এক কৃতিত্ব লাভ কৰিছে। শনিবাৰে মোহালিত ভাৰত আৰু শ্ৰীলংকাৰ (IND Vs SL) মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা তাৰকা অলৰাউণ্ডাৰ জাদেজাই (Ravindra Jadeja) তেওঁৰ নামত এক বিশেষ অভিলেখ গঢ়িছে। খেলখনৰ দ্বিতীয় দিনা, তেওঁ ১৭৫ ৰান কৰি নটআউট হৈ থাকে।

এয়া তেওঁৰ টেষ্ট কেৰিয়াৰৰ দ্বিতীয়টো শতক। ৭নং স্থানত বেটিং কৰিবলৈ আহি জাদেজাই ১৭৫ ৰান কৰি ভাৰতীয় দলৰ ৩৫ বছৰ পুৰণি অভিলেখ ভংগ কৰে। পূৰ্বে ৭নং স্থানত আহি শ্ৰীলংকাৰ বিৰুদ্ধে কানপুৰত ১৬৩ ৰানেৰে ১৯৮৬ চনত অভিলেখ ৰচিছিল কপিলদেবে (Kapil Dev)। এতিয়া এই অভিলেখ জাদেজাই ভংগ কৰে।

ইয়াৰ লগতে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫ হাজাৰ ৰান আৰু ৪০০ উইকেটৰ সীমা অতিক্ৰম কৰা ভাৰতৰ দ্বিতীয়জন ক্ৰিকেটাৰ। ইয়াৰ আগতে, এই অভিলেখৰো অধিকাৰী আছিল প্ৰাক্তন ভাৰতীয় অধিনায়ক কপিলদেৱ। উল্লেখ্য, টেষ্টৰ দ্বিতীয় দিনটোত ভাৰতে ৮ উইকেটত ৫৭৪ ৰান কৰি ইনিংছ ঘোষণা কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি