গুৱাহাটীত কাইলৈ অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া ক্ৰিকেট মেচ। খেলৰ পূৰ্বে News18ৰ হাতত আহি পৰিছে আম্পায়াৰ আৰু মেটছ ৰেফাৰী নাম। গুৱাহাটীৰ খেলখনত মেচ ৰেফাৰী হ’ল জভাগল শ্ৰীনাথ।
খেলখনত আম্পায়াৰ হিচাপে থাকিব অনিল চৌধুৰী আৰু জে আৰ মদন গোপাল। কে এন অনন্তপদ্মনাভন হ’ল তৃতীয় আম্পায়াৰ। ৰোহন পণ্ডিত আৰু নীতিন মেনন আছে অতিৰিক্ত আম্পায়াৰৰ দায়িত্বত। মেচ মেনেজাৰ হ’ল অংকিত ডেঢিয়া।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 09, 2023, 15:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।