মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »সাজু বৰ্ষাপাৰা, ১.৩০ বজাৰ পৰা ভাৰত আৰু শ্ৰীলংকাৰ মাজত আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ

সাজু বৰ্ষাপাৰা, ১.৩০ বজাৰ পৰা ভাৰত আৰু শ্ৰীলংকাৰ মাজত আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ

অপেনিং যুটীত ঈশান কিষাণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বুলি মন্তব্য কৰে ৰোহিত শৰ্মাই।

অপেনিং যুটীত ঈশান কিষাণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বুলি মন্তব্য কৰে ৰোহিত শৰ্মাই।

অপেনিং যুটীত ঈশান কিষাণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বুলি মন্তব্য কৰে ৰোহিত শৰ্মাই।

  • Share this:

  1. ক্ৰিকেট জ্বৰত আক্ৰান্ত গুৱাহাটী। আজি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া মেচ। ইতিমধ্যেই খেলখনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। আজি দুপৰীয়া ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল।


খেলৰ পূৰ্বে সোমবাৰে সন্ধিয়া সংবাদ মাধ্যমক সম্বোধন কৰিলে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই। ৰোহিত শৰ্মাই ক’লে – T20 শৃংখলা বিজয়ৰ পিছত সম্পূৰ্ণ আত্মবিশ্বাসী টীম ইণ্ডিয়া।

অপেনিং যুটীত ঈশান কিষাণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বুলি মন্তব্য কৰে ৰোহিত শৰ্মাই। ইয়াৰ উপৰি মিডিল অৰ্ডাৰ বেটছমেন সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়াস আয়াৰ সুন্দৰ ফৰ্মত আছে বুলিও ব্যক্ত কৰে অধিনায়কগৰাকীয়ে।

সংবাদমেলত ৰোহিত শৰ্মাই ক’লে – বিশ্বকাপৰ পূৰ্বে ঘৰৰ মাটিত ৯ খনকৈ এদিনীয়া আছে, ই আমাৰ বাবে অত্যন্ত সুবিধাজনক। দলত আঘাতপ্ৰাপ্ত খেলুৱৈ বৰ বিশেষ নাই। আনহাতে, বিশ্বকাপৰ অধিনায়ক কোন হ’ব সেয়া এতিয়াই ক’ব নোৱাৰি বুলিও মত ব্যক্ত কৰে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে।

ইফালে, শ্ৰীলংকাৰ অধিনায়ক দাছুন ছনকাই কয়, ‘‘গুৱাহাটীৰ খেলৰ পৰিৱেশ খুবেই ধুনীয়া। বৰ্ষাপাৰাত ভাৰতক ৰুধিবলৈ সুকীয়া ৰণনীতি প্ৰস্তুত কৰিছে শ্ৰীলংকাই।’’ শ্ৰীলংকাৰ অধিনায়কজনৰ মতে, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ প্ৰত্যাৱৰ্তনৰ বাবে এদিনীয়া শৃংখলাটো কঠিন হ'ব। এই খেলখনৰ পৰাই এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি আৰম্ভ কৰিব শ্ৰী লংকাই।

পিটচ চাই ৰান অধিক হ'ব বুলি আশা প্ৰকাশ কৰে শ্ৰীলংকান অধিনায়কগৰাকীয়ে। ৩৬০ ডিগ্ৰী শ্ব'ট খেলাৰ বাবে সূৰ্য কুমাৰ যাদৱক ৰখোৱাটো কিছু কঠিন হ’ব বুলিও কয় তেওঁ। কেৱল সূৰ্য কুমাৰ নহয়, সকলো খেলুৱৈক সমানভাৱে ৰাখি যুঁজ দিব শ্ৰীলংকাই। T20 শৃংখলা হেৰুৱাৰ পিছত এদিনীয়া শৃংখলা দখলৰ চেষ্টা কৰিব শ্ৰীলংকাই।

শেহতীয়া বাতৰি