ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন খেলৰ প্ৰস্তাৱিত এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল আজি ১০ জানুৱাৰীত গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে।
এই ৰোমাঞ্চকৰ খেলখনত ভাৰতীয় দলটোৱে টছত পৰাস্ত হোৱাৰ পাছত প্ৰথমে বেটিং কৰি এক সুন্দৰ আৰম্ভণি কৰে। উৎকৃষ্ট অৰ্ধশতকৰ ইনিংছ প্ৰদৰ্শন কৰে টীম ইণ্ডিয়াৰ ৰোহিত শৰ্মা আৰু শুভমন গীলে।
ইয়াৰ পাছতে বেটিং কৰিবলৈ অহা বিৰাট কোহলীয়ে টীম ইণ্ডিয়াৰ স্ক’ৰত অধিক ৰাণ সংযোজন কৰে। বিৰাট কোহলীয়ে ৮০ টা বলত শতক অৰ্জন কৰে।
প্ৰথম ইনিংছত ভাৰতে ৭টা উইকেট হেৰুৱাই ৩৭৩ ৰাণ অৰ্জন কৰে আৰু শ্ৰীলংকাৰ সন্মুখত ভাৰতে ৩৭৪ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।
ৰোহিত শৰ্মাই ৬৭ টা বলত ৮৩ ৰাণ, শুভমন গীলে ৬০টা বলত ৭০ ৰাণ, শ্ৰেয়াস আয়াৰে ২৪টা বলত ২৮ ৰাণ, কে এল ৰাহুলে ২৯টা বলত ৩৯ ৰাণ, হাৰ্ডিক পাণ্ডিয়াই ১২টা বলত ১৪ ৰাণ, এক্সাৰ পেটেলে ৯টা বলত ৯ ৰাণ আৰু মহম্মদ শ্বামী আৰু মহম্মদ চিৰাজে ক্ৰমে ৪টা বলত ৪ৰাণ আৰু ৮টা বলত ৭ৰাণেৰে অপৰাজিত হৈ থাকে।
Published by: Subham Goswami
FIRST PUBLISHED : January 10, 2023, 17:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।