• Home
  • »
  • News
  • »
  • sports
  • »
  • গুৱাহাটীৰ টী-২০লৈ মাজত আৰু দহ দিন, পূৰ্বৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱা ACAই কেলিফ'ৰ্ণিয়াৰ পৰা আনিছে অত্যাধুনিক ক’ভাৰ

গুৱাহাটীৰ টী-২০লৈ মাজত আৰু দহ দিন, পূৰ্বৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱা ACAই কেলিফ'ৰ্ণিয়াৰ পৰা আনিছে অত্যাধুনিক ক’ভাৰ

আঢ়ৈ বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টী-২০ খেলখনক লৈ উৎসাহ বৃদ্ধি হৈছে ক্ৰিকেট প্ৰেমীৰ মাজত।

আঢ়ৈ বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টী-২০ খেলখনক লৈ উৎসাহ বৃদ্ধি হৈছে ক্ৰিকেট প্ৰেমীৰ মাজত।

আঢ়ৈ বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টী-২০ খেলখনক লৈ উৎসাহ বৃদ্ধি হৈছে ক্ৰিকেট প্ৰেমীৰ মাজত।

  • Share this:
১০ দিন পিছতে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল অনুষ্ঠিত হ'ব। খেলখনৰ সফল আয়োজনৰ বাবে পূৰ্বৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছে অসম ক্ৰিকেট সন্থাই। কেলিফ'ৰ্ণিয়াৰ পৰা এচিএই আনিছে দুখন অত্যাধুনিক ক’ভাৰ।

২ অক্টোবৰৰ গুৱাহাটীৰ টী-২০ ক্ৰিকেট। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলৰ বাবে মাজত আৰু দহ দিন বাকী। তেনেস্থলত যুদ্ধকালীন প্ৰস্ততি চলাইছে অসম ক্ৰিকেট সন্থাই। ৰোহিত শৰ্মা বাহিনী বনাম টেম্বা বাভুমা বাহিনীৰ মাজৰ হাই ভল্টেজ খেলৰ  সফল আয়োজনৰ বাবে পূৰ্বৰ তিক্ত অভিজ্ঞতাৰ পৰা শিক্ষা লৈছে অসম ক্ৰিকেট সন্থাই। এচিএই কেলিফ'ৰ্ণিয়াৰ পৰা আনিছে দুখন অত্যাধুনিক ক’ভাৰ। এক বিশেষ সাক্ষাৎকাৰত এই কথা News18ক জনালে অসম ক্ৰিকেটৰ সভাপতি ৰমেন দত্তই।

আঢ়ৈ বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টী-২০ খেলখনক লৈ উৎসাহ বৃদ্ধি হৈছে ক্ৰিকেট প্ৰেমীৰ মাজত। যাৰ বাবে আয়োজক অসম ক্ৰিকেট সন্থাই বুক মাই শ্বো আৰু জিলাৰ জৰিয়তে ইতিমধ্যে মুকলি কৰি দিছে খেলৰ টিকট।

আগন্তুক টী-২০ৰ বাবে বৰ্ষাপাৰাৰ আঠখন উইকেট এচিএই ইতিমধ্যে বিচিচিআইক প্ৰদান কৰিছে। বিচিচিআয়ে ইতিমধ্যে আগন্তুক টী-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে। গুৱাহাটীত টীম ইণ্ডিয়াক নেতৃত্ব দিব ৰোহিত শৰ্মাই। গুৱাহাটীৰ টী-২০খনক লৈ ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমী। টিকট ক্ৰয় কৰা দৰ্শক সকলে টিকটৰ হাৰ্ড কপি ২৫ ছেপ্টেম্বৰৰ পৰা নেহৰু ষ্টেডিয়ামত সংগ্ৰহ কৰিব পাৰিব।
Published by:Sanjay Kumar Das
First published: