দ্বিতীয় ইনিংছত ভাৰতীয় দলৰ হৈ সৰ্বাধিক ৩৪ ৰানৰ বৰঙণি আগবঢ়াইছিল ঋষভ পণ্টে।
দ্বিতীয় ইনিংছত ভাৰতীয় দলৰ হৈ সৰ্বাধিক ৩৪ ৰানৰ বৰঙণি আগবঢ়াইছিল ঋষভ পণ্টে।
দক্ষিণ আফ্ৰিকাত চলি আছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট শৃংখলা। প্ৰথমখন চেষ্টৰ আজি চতুৰ্থ দিন। কিন্তু খেলখনত বাৰে বাৰে বিধি পথালি দিছে বতৰে।
দ্বিতীয় ইনিংছত ভাৰতে মাত্ৰ ১৭৪ ৰান সংগ্ৰহ কৰাৰ পিছত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে প্ৰয়োজন হৈছিল ৩০৫ ৰানৰ। তাৰ প্ৰত্যুত্তৰত দ্বিতীয় ইনিংছ আৰম্ভ কৰি দক্ষিণ আফ্ৰিকাই দুটা উইকেট হেৰুৱাই এই পৰ্যন্ত ৩৪ ৰান সংগ্ৰহ কৰিছে। দলটোক এতিয়া জয়ৰ বাবে প্ৰয়োজন ২৭১ ৰানৰ। বৰ্তমান ক্ৰীজত বেটিং কৰি আছে অধিনায়ক ডীন এলগাৰে।
দ্বিতীয় ইনিংছত ভাৰতীয় দলৰ হৈ সৰ্বাধিক ৩৪ ৰানৰ বৰঙণি আগবঢ়াইছিল ঋষভ পণ্টে।
হাতত আছে সম্পূৰ্ণ এটা দিন। এতিয়া এটা দিনত দক্ষিণ আফ্ৰিকাই কিমান দূৰলৈকে ভাৰতক প্ৰত্যাহ্বান জনাব পাৰে, সেয়া লক্ষ্যণীয় হ'ব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|