• Home
  • »
  • News
  • »
  • sports
  • »
  • Ind vs SA 2nd T20 : ২ অক্টোবৰত গুৱাহাটীত টি–২০ খেল, আজি গুৱাহাটীলৈ আহিব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰসকল

Ind vs SA 2nd T20 : ২ অক্টোবৰত গুৱাহাটীত টি–২০ খেল, আজি গুৱাহাটীলৈ আহিব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰসকল

গুৱাহাটীৰ টী-২০ খনক লৈ ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমী। এইবাৰৰ খেলখন প্ৰায় ৪১ হাজাৰ দৰ্শকে প্ৰত্যক্ষ কৰিব।

  • Share this:
আজি গুৱাহাটীলৈ আহিব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰসকল। ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল অনুষ্ঠিত হ’ব। আজি দুয়োটা দল বিয়লি গুৱাহাটীত আহি উপস্থিত হ’ব।

২ অক্টোবৰৰ গুৱাহাটীৰ টী-২০ ক্ৰিকেট ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলৰ বাবে মেচ ৰেফাৰীৰ দায়িত্বত আছে টীম ইণ্ডিয়াৰ প্ৰাক্তন পেচ বলাৰ জভাগল শ্ৰীনাথ। বিচিচিআইৰ সম্পাদক জয় শ্বাহে দেওবাৰৰ গুৱাহাটীৰ খেলখন অতিথি হিচাপে উপভোগ কৰিব।

খেলখনৰ সফল আয়োজনৰ বাবে প্ৰস্তুত হৈছে অসম ক্ৰিকেট সন্থা। ২ অক্টোবৰত শৃংখলাৰ দ্বিতীয়খন টী-২০ খেল ভাৰত আৰু আলহী দল দক্ষিণ আফ্ৰিকাৰ মাজত। দুয়ো দলৰ খেলুৱৈসকলে থিৰুৱন্তপুৰমৰ পৰা বিশেষ বিমানযোগে আজি বিয়লি ৪ বাজি ৪৫ মিনিটত বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হ’ব।

গুৱাহাটীৰ টী-২০ খনক লৈ ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমী। এইবাৰৰ খেলখন প্ৰায় ৪১ হাজাৰ দৰ্শকে প্ৰত্যক্ষ কৰিব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি