চিৰবৈৰী পাকিস্তানৰ সন্মুখত ১৫২ ৰাণৰ লক্ষ্য বান্ধি দিলে ভাৰতে। ইনিংছৰ আৰম্ভণিতে ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ উইকেট হেৰুৱাই যদিও কোহলীৰ অৰ্ধশতকৰ সহায়ত ভাৰতে ৭ উইকেট হেৰুৱাই ১৫১ ৰান সংগ্ৰহণ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ সৰ্বাধিক অধিয়ানক বিৰাট কোহলীয়ে ৫৭ ৰানৰ ইনিংছ খেলে। ৩৯ ৰানৰ বৰঙণি আগবঢ়াই ঋষভ পণ্টে। পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদীয়ে তিনিটা উইকেট দখল কৰে।