ভাৰতীয় ক্ৰিকেট দলে (India vs New Zealand) টি–২০ বিশ্বকাপ ২০২১ (T20 World Cup 2021)ৰ এখন খেলত দেওবাৰে নিউজীলেণ্ডৰ হাতত পৰাস্ত হয়। এই পৰাজয়ৰ পিছত এতিয়া ভাৰতীয় দলৰ বাবে ছেমি ফাইনলেত প্ৰৱেশ কৰাটো একপ্ৰকাৰ কঠিন হৈ পৰিল। ভাৰতী প্ৰথমে পাকিস্তানৰ সৈতে ১০ উইকেটত পৰাস্ত হয়, তাৰ পিছত নিউজীলেণ্ডৰ হাতত পৰাস্ত হয় ৮ উইকেটত। যাৰ ফলত ভাৰতৰ ৰান ৰেট বহুখিনি নিম্নগামী হয়। ভাৰতৰ এই পৰাজয়ৰ পিছত বিৰাট কোহলীয়ে (Virat Kohli) কয় যে খেলুৱৈসকলে বেটিং আৰু বলিং দুয়োটাতে সাহসী প্ৰদৰ্শন কৰিব পৰা নাই।
নিউজীলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়ৰ পিছত কোহলীয়ে কয় যে মই নাভাৱো আমি বেটিং বা বলিঙেৰে খেলত সাহস দেখুৱাব পাৰিছো। আমি বেছি ৰান কৰিব নোৱাৰিলো, কিন্তু সেয়া বচাবলৈও সাহসেৰে খেলপথাৰত নমা নাছিলো।
কোহলীয়ে কয় যে বিগত দুখন মেচত আমি এটা দল হিচাপে খেলিব পৰা নাই। যদি দল হিচাপে খেলিলোহেঁতেন তেন্তে অপেক্ষাৰ হেঁচা নপৰে। কোহলীয়ে কয় যে আপোনালোক ভাৰতীয় দল আৰু আপোনাৰ পৰা আশা থাকে, সেয়ে আপুনি বেলেগ ধৰণে খেলিব নোৱাৰে। তেওঁ লগতে কয় যে আমি ঠিকে আছো আৰু এতিয়া বহু খেল খেলিবলৈ বাকী আছে।