உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IND vs NZ T20 World Cup : বিৰাট কোহলীৰ তিনিটা সিদ্ধান্তৰ বাবেই নিউজীলেণ্ডৰ হাতত পৰাস্ত ভাৰত!

    IND vs NZ T20 World Cup : বিৰাট কোহলীৰ তিনিটা সিদ্ধান্তৰ বাবেই নিউজীলেণ্ডৰ হাতত পৰাস্ত ভাৰত!

    টপ অৰ্ডাৰ বেটিংক্ৰম ছেদেলি–ভেদেলি হৈ মাত্ৰ ৫০ ৰানতে চাৰিজনকৈ বেটছমেন পেভিলিয়নমুখী হয়। ফলত খেলখনত ভাৰতীয় দলে নিউজীলেণ্ডৰ সন্মুখত থিয় কৰাত ব্যৰ্থ হয়।

    টপ অৰ্ডাৰ বেটিংক্ৰম ছেদেলি–ভেদেলি হৈ মাত্ৰ ৫০ ৰানতে চাৰিজনকৈ বেটছমেন পেভিলিয়নমুখী হয়। ফলত খেলখনত ভাৰতীয় দলে নিউজীলেণ্ডৰ সন্মুখত থিয় কৰাত ব্যৰ্থ হয়।

    টপ অৰ্ডাৰ বেটিংক্ৰম ছেদেলি–ভেদেলি হৈ মাত্ৰ ৫০ ৰানতে চাৰিজনকৈ বেটছমেন পেভিলিয়নমুখী হয়। ফলত খেলখনত ভাৰতীয় দলে নিউজীলেণ্ডৰ সন্মুখত থিয় কৰাত ব্যৰ্থ হয়।

    • Share this:
    টি–২০ বিশ্বকাপত নিউজীলেণ্ডৰ বিৰুদ্ধে (IND vs NZ T20 World Cup 2021) অতি গুৰুত্বপূৰ্ণ খেলত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ (Virat Kohli) জেদী মনোভাৱৰ ফল ভোগ কৰিলে দলটোৱে। কোহলীৰ কোনো সিদ্ধান্তই কামত নাহিল খেলখনত। ওলোটাই ভাৰতে নিউজীলেণ্ডৰ হাতত পৰাস্ত হ’বলগীয়া হয় আৰু ছেমি ফাইনেলৰ কাষ পোৱাৰ সম্ভাৱনা আৰু ক্ষীণ হৈ পৰিল। এই খেলখনত কোহলীয়ে বেটিং ক্ৰমত তিনিটা ডাঙৰ সালসলনি কৰিছিল। কিন্তু তেওঁৰ এটা সিদ্ধান্তয়ো কাম নিদিলে, যাৰ ফলত টপ অৰ্ডাৰ বেটিংক্ৰম ছেদেলি–ভেদেলি হৈ মাত্ৰ ৫০ ৰানতে চাৰিজনকৈ বেটছমেন পেভিলিয়নমুখী হয়। ফলত খেলখনত ভাৰতীয় দলে নিউজীলেণ্ডৰ সন্মুখত থিয় কৰাত ব্যৰ্থ হয়।

    নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখনৰ বাবে সূৰ্যকুমাৰ যাদৱৰ স্থানত ঈশান কিষাণ (Ishan Kishan)ক প্লেয়িং ইলেভেনত স্থান দিয়া হয় আৰু টছ কৰাৰ সময়তে অধিনায়ক কোহলীয়ে কৈ দিয়ে যে ঈশানে টপ অৰ্ডাৰত খেলিব। এতিয়া প্ৰশ্ন উঠিছে যে কিয় বিৰাটে ৩খন আন্তঃৰাষ্ট্ৰীয় টি২০ খেলা অনভিজ্ঞ ঈশানৰ জৰিয়তে ইনিংছৰ আৰম্ভণি কৰাৰ সিদ্ধান্ত ল’লে। য’ত তেওঁ নতুন বলেৰে ট্ৰেণ্ট ব’ল্ট আৰু টিম ছাউদীৰ দৰে ছুইং বলাৰৰ মুখামুখি হ’বলগীয়া হয়। যি ভৱা হৈছিল সেয়া হ’ল, ঈশানে এটা চাৰি কোবাই বল্টৰ চিকাৰ হয়।

    ৰোহিত শৰ্মাক অপেনাৰ হিচাপে কিয় পঠিওবা নহ’ল

    বিৰাটৰ দ্বিতীয় আচৰিত সিদ্ধান্ত আছিল ৰোহিত শৰ্মাক অপেনিং কৰিবলৈ নিদিয়া। অত্যন্ত গুৰুত্বপূৰ্ণ খেলখনত ঈশান কিষাণক টপ অৰ্ডাৰত খেলিবলৈ দিয়াৰ বাবে ৰোহিতৰ বেটিং স্থানত সালসলনি কৰিবলগীয়া হয়। তেওঁ ৩ নম্বৰত খেলিবলৈ আহে আৰু ডাঙৰ শ্বট খেলিবলৈ গৈ আউট হয়। ৰোহিতে ১৪ বলত ১৪ ৰান সংগ্ৰহ কৰে। ফলত টীম ইণ্ডিয়াৰ মিডিল অৰ্ডাৰত অধিক চাপ আহি পৰে। ৰোহিতৰ প্ৰদৰ্শন অপেনাৰ হিচাপে খুবেই ভাল। তেওঁ ১১৩খন আন্তঃৰাষ্ট্ৰীয় টি২০ৰ ভিতৰত ৮০খনতে অপেনিং কৰিছে আৰু সৰ্বমুঠ ২৪০৪ ৰান সংগ্ৰহ কৰিছে। ৰোহিতে অপেনিং কৰি চাৰিটাকৈ শতকো অৰ্জন কৰিছে। এনেক্ষেত্ৰত বিৰাটে এই সিদ্ধান্ত কিয় ল’লে সেয়া বুজা নগ’ল।

    ৰোহিতৰ সলনি কে এল ৰাহুলক মিডিল অৰ্ডাৰত পঠিয়াব পাৰিলেহেঁতেন

    নিউজীলেণ্ডৰ বিৰুদ্ধে যুঁজত কে এল ৰাহুলে শীৰ্ষ ক্ৰমত নিজৰ স্থানত বজাই ৰাখে। কিন্তু ৰোহিত শৰ্মাই ৩ নম্বৰত বেটিং কৰিবলগীয়া হয়। ৰাহুলৰ মধ্যম ক্ৰমত বেটিং কৰাৰ ভাল অভিজ্ঞতা আছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু আইপিএলত মধ্যম ক্ৰমত বেটিং কৰিছে আৰু মিডিল অৰ্ডাৰত তেওঁৰ প্ৰদৰ্শন খুবেই ভাল।

    কে এল ৰাহুলে ৪ নম্বৰত বেটিং কৰি ৫খন মেচত গড়ে ৮৭কৈ ১৭৪ ৰান সংগ্ৰহ কৰিছে। তেওঁ অপৰাজিত ১১০ ৰানৰ ইনিংছো খেলিছে। এনে অৱস্থাত যদি কোহলীয়ে বেটিং ক্ৰমত সালসলনি কৰিবলগা আছিলো, তথাপি ৰাহুলক ৪ নম্বৰত পঠিয়াব পাৰিলেহেঁতেন আৰু তেওঁৰ স্থানত ৰোহিতৰ জৰিয়তে খেলৰ আৰম্ভণি কৰিব পাৰিলেহেঁতেন। বেটিং ক্ৰমত হোৱা সালসলনিৰ বাবে কোহলীয়ে নিজেও নিজৰ পছন্দৰ ৩ নম্বৰৰ সলনি ৪ নম্বৰত বেটিং কৰিবলৈ আহে আৰু তেওঁ ৯ ৰান সংগ্ৰহ কৰি আউট হয় আৰু টীম ইণ্ডিয়াই পৰাজয়বৰণ কৰিবলগীয়া হয়।
    Published by:Sanjay Kumar Das
    First published: