• Home
  • »
  • News
  • »
  • sports
  • »
  • T20 World Cup: নিউজিলেণ্ডৰ ৩টা প্ৰত্যাহ্বান পাৰ কৰিব লাগিব ভাৰতে, অন্যথা বিশ্বকাপ ওলাই যাব হাতৰ মুঠিৰ পৰা, কি এই প্ৰত্যাহ্বান?

T20 World Cup: নিউজিলেণ্ডৰ ৩টা প্ৰত্যাহ্বান পাৰ কৰিব লাগিব ভাৰতে, অন্যথা বিশ্বকাপ ওলাই যাব হাতৰ মুঠিৰ পৰা, কি এই প্ৰত্যাহ্বান?

ভাৰতৰ শীৰ্ষ ক্ৰমৰ বেটছমেন ৰোহিত শৰ্মা, কে এল ৰাহুল আৰু অধিনায়ক বিৰাট কোহলিয়ে বাঁওহাতৰ পেচাৰৰ বিৰুদ্ধে কঠিন যুঁজ দি আছে৷

ভাৰতৰ শীৰ্ষ ক্ৰমৰ বেটছমেন ৰোহিত শৰ্মা, কে এল ৰাহুল আৰু অধিনায়ক বিৰাট কোহলিয়ে বাঁওহাতৰ পেচাৰৰ বিৰুদ্ধে কঠিন যুঁজ দি আছে৷

ভাৰতৰ শীৰ্ষ ক্ৰমৰ বেটছমেন ৰোহিত শৰ্মা, কে এল ৰাহুল আৰু অধিনায়ক বিৰাট কোহলিয়ে বাঁওহাতৰ পেচাৰৰ বিৰুদ্ধে কঠিন যুঁজ দি আছে৷

  • Share this:

বিশ্বকাপৰ আজিৰ খেল ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ। পাকিস্তানৰ লগত ধৰাশায়ী হোৱা ভাৰতে আজি নিউজিলেণ্ডৰ সৈতে কি ফলাফল প্ৰাপ্ত কৰিব তাক লৈ কৌতূহল সকলোৰে। আজি টি-২০ বিশ্বকাপ (T20 World Cup 2021)ৰ ২৮সংখ্যক খেলত ভাৰত আৰু নিউজিলেণ্ড (India vs New Zealand)ৰ মুখামুখি হ'ব।


দুয়োটা দলে প্ৰতিযোগিতাখনত তেওঁলোকৰ আশা জীয়াই ৰাখিবলৈ চেষ্টা কৰিব। আজি পৰাজিত হোৱা দলটোৰ টি-২০ বিশ্বকাপ ২০২১ৰ যাত্ৰা প্ৰায় শেষ হ'ব। ভাৰত আৰু নিউজিলেণ্ড (Ind vs NZ) দুয়োখন দেশে তেওঁলোকৰ অন্তিমখন খেলত পাকিস্তানৰ হাতত পৰাজিত হৈছিল। ভাৰতৰ বাবে ডুবাইত নিউজিলেণ্ডৰ বিৰুদ্ধে দেওবাৰৰ খেলখন ডু অৰ ডাই মেচৰ দৰে হ'ব।


বিশ্বকাপৰ ইতিহাসত ভাৰতে ১৮ বছৰ আগতে শেষবাৰৰ বাবে নিউজিলেণ্ডক পৰাস্ত কৰিছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ শতাংশ অতি কম। এইবাৰ ভাৰতে নিউজিলেণ্ডৰ প্ৰত্যাহ্বানৰ উপৰি আন বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।


হাৰ্দিক পাণ্ডিয়াৰ ফিটনেছ, ভুবনেশ্বৰ কুমাৰৰ দুৰ্বল ফৰ্ম টীম ইণ্ডিয়াৰ বাবে মূৰৰ বিষ হৈ আছে। এই প্ৰতিযোগিতাখনত ভাৰতে আশা জীয়াই ৰাখিবলৈ নিউজিলেণ্ডৰ ৩টা প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব। ভাৰতে কিৱি অধিনায়ক কেন উইলিয়ামচন, পেচাৰ ট্ৰেণ্ট বোল্ট আৰু স্পিনাৰ ঈশ সোধিৰ পৰা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে।


কিৱি অধিনায়ক কেন উইলিয়ামছনে ভাৰতৰ বিৰুদ্ধে ১১খন খেলত ৩২৫ ৰান সংগ্ৰহ কৰিছে। এই ক্ষেত্ৰত তেওঁৰ ষ্ট্ৰাইক ৰেট ১৩৬। তেওঁ অকলে পাকিস্তানৰ বিৰুদ্ধে অধিক ৰান সংগ্ৰহ কৰিছিল। টি-২০ ক্ৰিকেটত কিৱি অধিনায়কৰ সৰ্বশ্ৰেষ্ঠ ৯৫ ৰানৰ স্ক'ৰো আছে ভাৰতৰ বিৰুদ্ধে।


ভাৰতৰ শীৰ্ষ ক্ৰমৰ বেটছমেন ৰোহিত শৰ্মা, কে এল ৰাহুল আৰু অধিনায়ক বিৰাট কোহলিয়ে বাঁওহাতৰ পেচাৰৰ বিৰুদ্ধে কঠিন যুঁজ দি আছে৷ শ্বাহিন আফ্ৰিদীয়ে এই তিনিওটা চিকাৰ কৰিছিল৷ বাঁওহাতৰ পেচাৰ ট্ৰেণ্ট ব'ল্টে কোহলিক ৬বাৰ, ৰোহিতক ৫বাৰ আৰু ৰাহুলক এবাৰ আউট কৰিছে।


লেগ স্পিনাৰ ঈশ সোধিও ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। তেওঁ কোহলিক ৫বাৰ, ৰাহুলক ২ বাৰ আউট কৰিছে। ৰোহিতে তেওঁৰ বলত মুকলিকৈ খেলা নাই। তেওঁ ভাৰতৰ বিৰুদ্ধে ১২খন খেলত ১৭টা উইকেট দখল কৰিছে।

Published by:Gautam Barman
First published: