নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ মৰণপণ যুঁজত টিম ইণ্ডিয়াৰ চূড়ান্ত বেটিং ব্যৰ্থতা। নিউজিলেণ্ডৰ নিয়ন্ত্ৰিত বলিঙত নিৰ্ধাৰিত ২০ অভাৰত ভাৰতে ৭টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ১১০ ৰান। মেচখনত চূড়ান্ত ভাবে ব্যৰ্থ হয় ভাৰতৰ সকলো টপ অৰ্ডাৰ বেটচমেন। কেৱল ৰবীন্দ্ৰ জাদেজাই কিছু ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
ভাৰতৰ হৈ সৰ্বাধিক ২৬ ৰান সংগ্ৰহ কৰে ৰবীন্দ্ৰ জাদেজাই। হাৰ্দিক পাণ্ডিয়া আৰু কেএল ৰাহুলে সংগ্ৰহ ৰে ২৩ আৰু ১৮ ৰান। চূড়ান্ত ভাবে ব্যৰ্থ হয় ঈষাণ কিষাণ ৰোহিত শৰ্মা, অধিনায়ক বিৰাট কোহলী, ঋশভ পণ্ট।
মেচৰ আৰম্ভণিৰ পৰাই নিউজিলেণ্ডৰ বলাৰে চাপত ৰাখে ভাৰতীয় দলক। দলটোৰ হৈ টাৰেণ্ট বোল্টে সৰ্বাধিক ৩টা উইকেট দখল কৰে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 31, 2021, 21:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|