আইচিচি মহিলা বিশ্বকাপ ২০২২ৰ (ICC Women’s World Cup 2022) দ্বিতীয়খন খেলত ভাৰতে আয়োজক নিউজিলেণ্ডৰ হাতত ৬২ ৰাণত পৰাজিত হৈছে। মিতালী ৰাজে টছত জিকিছিল আৰু আয়োজক নিউজিলেণ্ডক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। প্ৰথমে বেটিং কৰি আয়োজক দলটোৱে নিৰ্ধাৰিত অভাৰত ৯ উইকেটত ২৬০ ৰাণ সংগ্ৰহ কৰি ভাৰতক ২৬১ ৰাণৰ লক্ষ্য দিয়ে। নিউজিলেণ্ডৰ হৈ এমি চুথাৰৱেটে ৭৫ ৰাণ আৰু এমিলিয়া কেৰে ৫০ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ পূজা বস্ত্ৰকাৰে ৪ টা উইকেট লাভ কৰি সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হয়।
২৬১ ৰানৰ লক্ষ্যৰ পিছত টীম ইণ্ডিয়াৰ আৰম্ভণি অতি হতাশাজনক আছিল আৰু আয়োজক দলটোৱে ভাৰতীয় বেটছমেনসকলৰ ওপৰত চাপ বজাই ৰাখিছিল। ভাৰতৰ হৈ হৰমনপ্ৰীত কৌৰে সৰ্বাধিক ৭১ ৰাণ সংগ্ৰহ কৰে। একে সময়তে, মিতালী ৰাজে ৩১ ৰাণৰ ইনিংছ খেলিছিল। তেওঁলোকৰ বাহিৰে, কোনো বেটছমেনে ভাল স্কৰ কৰিব নোৱাৰিলে।
পাৰ্টনাৰশ্বিপৰ বিফলতাৰ বাবে, ভাৰতীয় দলৰ ওপৰত চাপ সৃষ্টি হৈছিল, যাৰ ক্ষতি দলটোৱে মেচখন হেৰুৱাই ভুগিব লগা হৈছে। হোৱাইট ফাৰ্নছৰ বলাৰ লী তাহুহুৱে ১৭ ৰাণত ৩ টা উইকেট দখল কৰিছে। ভাৰতৰ বিৰুদ্ধে জয়লাভ কৰাৰ লগে লগে নিউজিলেণ্ডৰ দলটো পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে, আনহাতে টীম ইণ্ডিয়া পঞ্চম স্থানলৈ পিছলি গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|