• Home
  • »
  • News
  • »
  • sports
  • »
  • অপৰাজিত ৭৩ ৰানেৰে ভাৰতক দিলে বিজয়ৰ সোৱাদ, কোহলীয়ে ভাঙিলে ৩টা বিশ্ব ৰেকৰ্ড

অপৰাজিত ৭৩ ৰানেৰে ভাৰতক দিলে বিজয়ৰ সোৱাদ, কোহলীয়ে ভাঙিলে ৩টা বিশ্ব ৰেকৰ্ড

বিৰাট কোহলী আটাইতকৈ দ্ৰুতভাৱে ১২,০০০ ৰাণ কৰা অধিনায়ক হিচাপে পৰিগণিত হয়।

বিৰাট কোহলী আটাইতকৈ দ্ৰুতভাৱে ১২,০০০ ৰাণ কৰা অধিনায়ক হিচাপে পৰিগণিত হয়।

বিৰাট কোহলী আটাইতকৈ দ্ৰুতভাৱে ১২,০০০ ৰাণ কৰা অধিনায়ক হিচাপে পৰিগণিত হয়।

  • Share this:
ভাৰতীয় ক্ৰিকেট অনুৰাগীক এক সুন্দৰ জয়ৰ সোৱাদ দিলে ভাৰতীয় ক্ৰিকেট দলে৷ ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ খেলত ভাৰতে ৭ উইকেটত জয় লাভ কৰে৷ ভাৰতক বিজয়ৰ বাবে ১৬৫ ৰাণৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডে আৰু ইশান কিষাণ-অধিনায়ক বিৰাট কোহলীৰ অৰ্ধশতকে দলটোৰ জয়ৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়ায়৷ অধিনায়ক কোহলীয়ে অপৰাজিত ৭৩ ৰাণ কৰাৰ বিপৰীতে ইশান কিষাণে ৫৬ ৰাণ সংগ্ৰহ কৰে। দুয়োজনৰ ৯২ ৰানৰ পাৰ্টনাৰশ্বিপৰ ফলত দ্বিতীয় টি-২০ত ইংলেণ্ড দলে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

উল্লেখযোগ্য যে অধিনায়ক বিৰাট কোহলীয়ে জয়ৰ সোৱাদ দিয়া ইনিংছটোত তিনিটা বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। বিৰাট কোহলী আটাইতকৈ দ্ৰুতভাৱে ১২,০০০ ৰাণ কৰা অধিনায়ক হিচাপে পৰিগণিত হয়। কোহলীয়ে অধিনায়ক হিচাপে মাত্ৰ ২২৬টা ইনিংছত ১২,০০০ আন্তঃৰাষ্ট্ৰীয় ৰান সম্পূৰ্ণ কৰিছিল। ইয়াৰ আগতে, এই অভিলেখ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ নামত আছিল। তেওঁ ২৮২ ইনিংছত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। বিৰাট কোহলী হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়ক হিচাপে ১২,০০০ ৰাণ কৰা প্ৰথম ভাৰতীয়। তেওঁৰ পূৰ্বে ১১২০৭ ৰানৰ সৰ্বোচ্চ ৰেকৰ্ড আছিল এম এছ ধোনীৰ।

আহমেদাবাদত খেলা দ্বিতীয় খেলখনত বিৰাট কোহলীয়ে তেওঁৰ ৩০০০ টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰানো সম্পূৰ্ণ কৰিছে। বিৰাট কোহলী হৈছে বিশ্বৰ প্ৰথম ক্ৰিকেটাৰ যিয়ে টি-২০ ক্ৰিকেটত এই সংখ্যাটো স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। টি-২০ত প্ৰথম ১০০০ ৰান ২০১০ চনত বেণ্ডন মেককালামে কৰিছিল। ২০১৪ চনত, মেককালামে ২০০০ ৰাণৰ ঘৰো স্পৰ্শ কৰিছিল। বিৰাট কোহলীয়ে আন এটা অৰ্ধশতকেৰে টি-২০ত ২৬টা অৰ্ধশতক সংগ্ৰহ কৰিছে। খেলপথাৰত সঠিক বেটিং লাইন-আপেৰে দৰ্শকক মুগ্ধ কৰি তোলা ৰোহিত শৰ্মাই এতিয়ালৈকে ২৫টা অৰ্ধশতক কৰিছে।

খেলখনৰ শেষত বিৰাট কোহলীয়ে ভাৰতীয় দলটোৰ বলাৰসকলক বিজয়ৰ কৃতিত্ব দিয়ে। তেওঁ ৱাশ্বিংটন সুন্দৰ, শ্বাৰদুল ঠাকুৰ আৰু হাৰ্দিক পাণ্ডিয়াৰ প্ৰশংসা কৰে। তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰা ইশান কিষাণৰ বেটিঙকো ভূয়সী প্ৰশংসা কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি