নাগপুৰ টি–২০ত বাংলাদেশৰ বিৰুদ্ধে ২–১ ব্যৱধানত শৃংখলা দখল কৰিলে টীম ইণ্ডিয়াই। দেওবাৰে অনুষ্ঠিত খেলত বাংলাদেশক ৩০ ৰানত পৰাস্ত কৰে ভাৰতে। এই জয়ক লৈ অত্যন্ত আনন্দিত ৰোহিত শৰ্মা। এই জয়ৰ কৃতিত্ব বলাৰসকলক দিয়ে ৰোহিতে। হেটট্ৰিক অৰ্জন কৰা বলাৰ দীপক চাহৰ, যুৱ খেলুৱৈ শ্ৰেয়ষ আয়াৰ আৰু শিৱম ডুবেক উচ্চ প্ৰশংসা কৰে। লগতে ৰোহিত শৰ্মাই কয় যে এই জয়ৰ পিছত এতিয়া মূৰৰ বিষ উঠিব বিৰাট কোহলীৰ।
ৰোহিত শৰ্মাই কয় – যদি টীম ইণ্ডিয়াই এনেধৰণৰ প্ৰদৰ্শন অব্যাহত ৰাখে তেন্তে টি–২০ বিশ্বকাপৰ পূৰ্বে এয়া বিৰাট কোহলী আৰু নিৰ্বাচকসকলৰ মূৰৰ বিষৰ কাৰণ হ’ব। দলৰ সকলো খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিছে আৰু এনে অৱস্থাত এয়া নিৰ্ধাৰণ কৰাটো কঠিন হ’ব যে টি–২০ বিশ্বকাপত কোন দলত থাকিব কোন নাথাকিব।
বাংলাদেশৰ বিৰুদ্ধে খেলৰ অন্তত ৰোহিত শৰ্মাই কয় যে আমি বলাৰৰ বাবেই এই খেল জিকিছো। এটা সময়ত বাংলাদেশ জিকিব বুলি ধাৰণা হৈছিল কাৰণ ৮ অভাৰত ৭০ ৰান সংগ্ৰহ কৰিছিল। কিন্তু আমাৰ খেলুৱৈয়ে দায়িত্ব সহকাৰে উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by: Sanjay Kumar Das
First published: November 11, 2019, 09:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|