অসম ক্ৰিকেট সন্থাৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে সমগ্ৰ বিশ্বৰ ওচৰত লজ্জানত হ’ল অসম। দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আছিল ভাৰত–শ্ৰীলংকাৰ মাজৰ T-20 শৃংখলাৰ প্ৰথমখন খেল। সমগ্ৰ বিশ্বক আচৰিত কৰা আৰু অসমক লজ্জানত কৰি বৰ্ষাপাৰা ষ্টেডিয়ামত পিটছ শুকুৱাবলৈ অসম ক্ৰিকেট সন্থাই আনিলে হেয়াৰ ড্ৰায়াৰ, ঘৰ চাফা কৰা ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰি।
এনে চূড়ান্ত দায়িত্বহীন কাণ্ডৰ বাবে অসম ক্ৰিকেট সন্থা এতিয়া সৰ্বত্ৰ সমালোচনাৰ সন্মুখীন হৈছে। টিম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা খেলুৱৈয়ে তীব্ৰ সমালোচনা কৰিছে অসম ক্ৰিকেট সন্থাক। গৌতম গম্ভীৰ, ভিভিএচ লক্ষ্মণে বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিষয়টোত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে হস্তক্ষেপ কৰাতো বিচাৰিছে দুয়োগৰাকী প্ৰাক্তন খেলুৱৈয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 06, 2020, 15:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।