শুকুৰবাৰে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত তিনিখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হয়। টছত পৰাজিত হোৱাৰ পিছত কিৱি দলে প্ৰথমে বেট ধৰি ৬ টা উইকেটত ১৭৬ ৰাণ সংগ্ৰহ কৰে। লক্ষ্যৰ পিছে পিছে ভাৰতীয় দলটোৱে ৯ উইকেটত মাত্ৰ ১৫৫ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ২১ ৰাণত জয়লাভ কৰি নিউজিলেণ্ডৰ দলটোৱে শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰে।
লক্ষ্যৰ পিছে পিছে টীম ইণ্ডিয়াৰ আৰম্ভণি অতি দুৰ্বল আছিল। ঈশান কিষাণে মাত্ৰ ৪ ৰাণ সংগ্ৰহ কৰি আউট হয় আৰু এদিনীয়া শৃংখলাত সুন্দৰ প্ৰদৰ্শন কৰা শুভমান গিলে মাত্ৰ ৭ ৰাণহে সংগ্ৰহ কৰে। ৰাহুল ত্ৰিপাঠীয়ে কোনো ৰান নকৰাকৈ তেওঁৰ উইকেট হেৰুৱায়। কেপ্টেইন হাৰ্দিক পাণ্ডিয়া আৰু সহ অধিনায়ক সূৰ্যকুমাৰ যাদৱে ইনিংছ চম্ভালে। কিন্তু সূৰ্যই ৪৭ ৰাণ কৰি আৰু হাৰ্দিকে ২১ ৰাণ কৰি উইকেট হেৰুৱায়।
ৱাশ্বিংটন সুন্দৰে এটা দিশ ধৰি ৰাখিছিল আৰু সমস্যাত জৰ্জৰিত টীম ইণ্ডিয়াৰ হৈ শক্তিশালী বেটিং কৰিছিল, তেওঁ ২৫ টা বলত ৫ টা চাৰি আৰু ৩ টা ছয়েৰে অৰ্ধশতক সম্পূৰ্ণ কৰে। শেষৰ অভাৰত, তেওঁ লোকি ফাৰ্গুচনৰ বলত এটা ডাঙৰ শ্বট মাৰিবলৈ চেষ্টা কৰি আউট হয় আৰু লগে লগে ভাৰতৰ জয়ৰ শেষ আশাও নিৰ্বাপিত হয়।
Published by: Kokil Sarma
FIRST PUBLISHED : January 28, 2023, 04:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।