টী-২০ বিশ্বকাপ ছুপাৰ ১২ ৰ অন্তিমখন খেলত ভাৰতে জিম্বাবুৱেক ৭১ ৰাণত পৰাস্ত কৰে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা টীম ইণ্ডিয়াই ৫ উইকেটত ১৮৬ ৰাণ সংগ্ৰহ কৰি জিম্বাবোৱেক এক বৃহৎ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যোত্তৰত জিম্বাবুৱেৰ দলটোৱে ১১৫ ৰাণ সংগ্ৰহ কৰিয়েই সকলো খেলুৱৈ আউট হয়।
উল্লেখযোগ্য যে, আজিৰ খেলখন অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। একেৰাহে দ্বিতীয়খন খেলত কে এল ৰাহুলে অৰ্ধশতক অৰ্জন কৰি ৫১ ৰাণ সংগ্ৰহ কৰি আউট হয়। আনহাতে, সূৰ্যকুমাৰ যাদৱে ৬১ ৰাণত অপৰাজিত হৈ দুৰ্দান্ত প্ৰদৰ্শন কৰে।
উল্লেখযোগ্য যে, অহা ১০ নৱেম্বৰত অষ্ট্ৰেলিয়াৰ এডেলেইড অভাল ষ্টেডিয়ামত ভাৰতে ইংলেণ্ডৰ বিপক্ষে ছেমি ফাইনেল খেলিব।
বিৰাট কোহলীৰো ভাল প্ৰদৰ্শন দেখা গ’ল। তেওঁ ২৫ টা বলত ২৬ ৰাণ সংগ্ৰহ কৰে। দ্ৰুত ৰাণ কৰাৰ তাড়নাত শ্বেন উইলিয়ামছৰ বলত ডাঙৰ শ্বট খেলাৰ চেষ্টাত কেচ আউট হয় বিৰাট কোহলী। দীনেশ কাৰ্তিকৰ ঠাইত খেলা, একাদশত অন্তৰ্ভুক্ত হোৱা ঋষভ পণ্টে সকলোকে হতাশ কৰি ৫ টা বলত ৩ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|