
সূৰ্যকুমাৰ যাদৱ আকৌ এবাৰ টীম ইণ্ডিয়াৰ বিজয়ৰ নায়ক। টি-২০ বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হোৱা এক ৱাৰ্ম-আপ মেচত টীম ইণ্ডিয়াই এক নিকট খেলত পশ্চিম অষ্ট্ৰেলিয়াক ১৩ ৰাণত পৰাস্ত কৰে।
সূৰ্যকুমাৰ যাদৱ আকৌ এবাৰ টীম ইণ্ডিয়াৰ বিজয়ৰ নায়ক। টি-২০ বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হোৱা এক ৱাৰ্ম-আপ মেচত টীম ইণ্ডিয়াই এক নিকট খেলত পশ্চিম অষ্ট্ৰেলিয়াক ১৩ ৰাণত পৰাস্ত কৰে।
সূৰ্যকুমাৰ যাদৱ আকৌ এবাৰ টীম ইণ্ডিয়াৰ বিজয়ৰ নায়ক। টি-২০ বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হোৱা এক ৱাৰ্ম-আপ মেচত টীম ইণ্ডিয়াই এক নিকট খেলত পশ্চিম অষ্ট্ৰেলিয়াক ১৩ ৰাণত পৰাস্ত কৰে। ২১ বছৰীয়া যুৱ বেটছমেন ছেম ফেনিংঙে ভাৰতীয় বলাৰসকলৰ সন্মুখত কঠোৰ যুঁজ দিছিল, কিন্তু তেওঁ দলটোক জিকাব নোৱাৰিলে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰি ৬টা উইকেটত ১৫৮ ৰাণ সংগ্ৰহ কৰে। সূৰ্যকুমাৰ ৫২ ৰাণত আউট হয়। তেওঁ ৩৫ টা বলৰ সন্মুখীন হৈছিল আৰু ৩ টা চাৰি আৰু ৩ টা ছয় কোবাইছিল। তেওঁ অষ্ট্ৰেলিয়াত প্ৰথমবাৰৰ বাবে টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলিবলৈ সাজু। ইয়াৰ উপৰিও হাৰ্দিক পাণ্ডিয়াই ২৯ ৰাণ আৰু দিনেশ কাৰ্তিকে ১৯ ৰাণ সংগ্ৰহ কৰে।
ইয়াৰ প্ৰত্যুত্তৰত পশ্চিম অষ্ট্ৰেলিয়াৰ দলটোৱে ৮ টা উইকেটত মাত্ৰ ১৪৫ ৰাণ হে সংগ্ৰহ কৰে। অৱশ্যে, তেওঁলোকৰ আৰম্ভণি ভাল নাছিল, ১২ ৰাণত ৪ টা উইকেট হেৰুৱাইছিল। কিন্তু তাৰ পিছত তেওঁলোকে খেলখনত ভাল প্ৰত্যাৱৰ্তন কৰে। পাৱাৰপ্লেৰ ৬ অভাৰৰ পিছত, স্ক'ৰ আছিল ৪উইকেটৰ বিনিময়ত ২৯ ৰাণ। ইয়াৰ পিছত, ফেনিংঙৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ বেটছমেনসকলে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰে। যুজবেন্দ্ৰ চাহালে ১৫ ৰাণত দুটা উইকেট লোৱাৰ বিপৰীতে ভুৱনেশ্বৰ কুমাৰে ২৬ ৰাণত দুটা উইকেট দখল কৰে। অৰ্শদীপ সিঙে ৩ অভাৰত ৬ ৰাণত ৩ টা উইকেট দখল কৰি দৃষ্টি আকৰ্ষণ কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|