உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • T20 World Cup-2021: ভাৰতে জয়েৰে বিদায় জনালে টি২০ বিশ্বকাপক, ৯ উইকেটত পৰাস্ত নামিবিয়া

    T20 World Cup-2021: ভাৰতে জয়েৰে বিদায় জনালে টি২০ বিশ্বকাপক, ৯ উইকেটত পৰাস্ত নামিবিয়া

    ৰোহিত শৰ্মাই ৫৬ ৰানৰ এক সুন্দৰ ইনিংছ খেলাৰ লগতে কে এল ৰাহুলৰ সৈতে ৮৬ ৰানৰ বৰঙণি যোগায়।

    ৰোহিত শৰ্মাই ৫৬ ৰানৰ এক সুন্দৰ ইনিংছ খেলাৰ লগতে কে এল ৰাহুলৰ সৈতে ৮৬ ৰানৰ বৰঙণি যোগায়।

    ৰোহিত শৰ্মাই ৫৬ ৰানৰ এক সুন্দৰ ইনিংছ খেলাৰ লগতে কে এল ৰাহুলৰ সৈতে ৮৬ ৰানৰ বৰঙণি যোগায়।

    • Share this:

    জয়ৰ পিছতো যেন পৰাজিত! নামিবিয়াৰ সৈতে খেলত জয়লাভৰ পিছত ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপক বিদায় জনালে। সোমবাৰে ছুপাৰ-১২ পৰ্যায়ৰ অন্তিমখন খেলত নামিবিয়াক ৯ উইকেটত পৰাস্ত কৰে ভাৰতে। নামিবিয়াই ভাৰতক ১৩৩ ৰানৰ বিজয়ৰ লক্ষ্য দিছিল আৰু ১৫.২ অভাৰত ১ উইকেট হেৰুৱাই জয় অৰ্জন কৰে।


    ৰোহিত শৰ্মাই ৫৬ ৰানৰ এক সুন্দৰ ইনিংছ খেলাৰ লগতে কে এল ৰাহুলৰ সৈতে ৮৬ ৰানৰ বৰঙণি যোগায়। তেওঁ ৩৬টা বলত ৫৪ ৰান কৰি অপৰাজিত হৈ থাকে। সূৰ্যকুমাৰ যাদৱে ২৫ ৰান কৰি অপৰাজিত থাকে। ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই ভাৰতৰ হৈ ৩টাকৈ উইকেট দখল কৰে।


    পেচাৰ যশপ্ৰীত বুমৰাহেও ১৯ ৰানত ২টা উইকেট দখল কৰে। নামিবিয়াৰ হৈ ডেভিদ ৱেইছে ২৬, অপেনাৰ ষ্টিফেন বাৰ্ডে ২১, মাইকেল ভান লিংগেনে ১৪ আৰু দুই বলাৰ জান ফ্ৰাইলিংক আৰু ট্ৰাম্পেলমানে ক্ৰমে ১৫ আৰু ১৩ ৰানৰ বৰঙণি যোগায়। জান ফ্ৰাইলিংকে নামিবিয়াৰ হৈ একমাত্ৰ ৰোহিত শৰ্মাৰ উইকেটটো দখল কৰে।

    Published by:Gautam Barman
    First published: