• Home
  • »
  • News
  • »
  • sports
  • »
  • T20 In Guwahati : কাইলৈ গুৱাহাটী পাবহি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ, প্ৰাক্তন পেচ বলাৰ জভাগল শ্ৰীনাথ খেলৰ মেচ ৰেফাৰী

T20 In Guwahati : কাইলৈ গুৱাহাটী পাবহি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ, প্ৰাক্তন পেচ বলাৰ জভাগল শ্ৰীনাথ খেলৰ মেচ ৰেফাৰী

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ২৯ ছেপ্তেম্বৰত আহি উপস্থিত হব।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ২৯ ছেপ্তেম্বৰত আহি উপস্থিত হব।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ২৯ ছেপ্তেম্বৰত আহি উপস্থিত হব।

  • Share this:
২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল অনুষ্ঠিত হ'ব। খেলখনৰ বাবে দুয়োটা দল বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব।

বিচিচিআইৰ সম্পাদক জয় শ্বাহে দেওবাৰৰ গুৱাহাটীৰ খেলখন অতিথি হিচাপে উপভোগ কৰিব। ২ অক্টোবৰৰ গুৱাহাটীৰ টী-২০ ক্ৰিকেট ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলৰ বাবে মেচ ৰেফাৰীৰ দায়িত্বত আছে টীম ইন্ডিয়াৰ প্ৰাক্তন পেচ বলাৰ জভাগল শ্ৰীনাথ।

খেলখনৰ সফল আয়োজনৰ বাবে প্ৰস্তত হৈছে অসম ক্ৰিকেট সন্থাই। ২ অক্টোবৰত শৃংখলাৰ দ্বিতীয়খন টী-২০ খেল ভাৰত আৰু আলহী দল দক্ষিণ আফ্ৰিকাৰ মাজত। দুয়ো দলৰ খেলুৱৈসকলে থিৰুৱন্তপুৰমৰ পৰা বিশেষ বিমানযোগে বৃহস্পতিবাৰে বিয়লি ৪ বাজি ৪৫ মিনিটত বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হ'ব।

এই কথা নিউজ ১৮ক জনালে অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই। ৰোহিত শৰ্মা বাহিনী বনাম টেম্বা বাভুমা বাহিনীয়ে ৩০ ছেপ্তেম্বৰ আৰু ১ অক্টোবৰত বৰ্ষাপাৰাৰ প্ৰেক্টিছ উইকেটত অনুশীলন চলাব।

আঢ়ৈ বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টী-২০ খেলখন অতিথি হিচাপে উপভোগ কৰিব বিচিচিআইৰ সম্পাদক জয় শ্বাহে। গুৱাহাটীৰ টী-২০ খনক লৈ ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমী। এইবাৰৰ খেলখন প্ৰায় ৪১ হাজাৰ দৰ্শকে প্ৰত্যক্ষ কৰিব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি