உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Ind W vs Eng W: ভাৰতীয় দলৰ বেটিং ব্যৰ্থতা, ৰিচা-ঝুলনৰ সংগ্ৰামেৰে ভাৰতৰ ১০০ ৰান অতিক্ৰম ! টপ অৰ্ডাৰ আৰু মিডল অৰ্ডাৰৰ ফ্লপ শ্ব' ...

    Ind W vs Eng W: ভাৰতীয় দলৰ বেটিং ব্যৰ্থতা, ৰিচা-ঝুলনৰ সংগ্ৰামেৰে ভাৰতৰ ১০০ ৰান অতিক্ৰম ! টপ অৰ্ডাৰ আৰু মিডল অৰ্ডাৰৰ ফ্লপ শ্ব' ...

    File Photo

    File Photo

    মহিলা ক্ৰিকেট বিশ্বকাপ ২০২২ত (Women's world cup 2022) ভাৰত বনাম ইংলেণ্ড (Ind W vs Eng W) খেলখনত দুৰ্বল বেটিং ভাৰতীয় মহিলা দলৰ৷ ভাৰত ৩৬.২ অভাৰত ১৩৪ ৰাণত অলআউট হয়৷

    • Share this:
    মহিলা ক্ৰিকেট বিশ্বকাপ ২০২২ত (Women's world cup 2022) ভাৰত বনাম ইংলেণ্ড (Ind W vs Eng W) খেলখনত দুৰ্বল বেটিং ভাৰতীয় মহিলা দলৰ৷ যোৱা মেচখনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত ভাৰতীয় দলটোৱে বেটিং কৰিবলৈ অহাৰ পিছত আজি এক ডাঙৰ বাধাৰ সন্মুখীন হয়৷ ভাৰত বনাম ইংলেণ্ড মেচত ভাৰত ৩৬.২ অভাৰত ১৩৪ ৰাণত অলআউট হয়৷

    বিশ্বকাপত ভাৰত বনাম ইংলেণ্ড খেলত ভাৰতীয় দলৰ শীৰ্ষ আৰু মিডল অৰ্ডাৰ ইংলেণ্ডৰ বলিঙৰ সন্মুখত তাচৰ ঘৰৰ দৰে খহি পৰে৷ ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাই বিশ্বকাপৰ প্ৰায় প্ৰতিখন খেলতে ৰাণ সংগ্ৰহ কৰিছে৷ তেওঁ আজিও ৰাণ সংগ্ৰহ কৰে৷ তেওঁ ৩৫ ৰাণ সংগ্ৰহ কৰে।

    জস্তিকা ভাটিয়া, অধিনায়ক মিতালী ৰাজ আৰু দীপ্তি শৰ্মা ব্যৰ্থ হয়৷ তেওঁলোকে ক্ৰমান্বয়ে ৮, ১ আৰু ০ ৰাণ কৰি পেভিলিয়নলৈ উভতি যায়৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শতক অৰ্জন কৰা হৰমনপ্ৰীত কৌৰে দিনটোত বিশেষ একো কৰিব নোৱাৰিলে৷ তেওঁ ১৪ ৰাণত আউট হয়৷
    Published by:Kokil Sarma
    First published: