মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »আজি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেট দলে, কোন সময়ত ষ্টেডিয়ামলৈ আহিব ৰোহিত বাহিনী?

আজি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেট দলে, কোন সময়ত ষ্টেডিয়ামলৈ আহিব ৰোহিত বাহিনী?

গুৱাহাটীত উপস্থিত হোৱাৰ পিছত দুয়োটা দলেই বাহৰ পাতিছে হোটেল ৰেডিচন ব্লুত। উল্লেখযোগ্য এদিনীয়া মেচখনৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম।

  • Share this:
কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া খেল। ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়া ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। শ্ৰীলংকাৰ ক্ৰিকেট দলটোও উপস্থিত হৈছেহি গুৱাহাটীত।

আজি বিয়লিলৈ দুয়োটা দলেই বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন কৰিব। দিনৰ ১ বজাৰ পৰা ৪ বজালৈ শ্ৰীলংকাৰ দলে বৰ্ষাপাৰাত চলাব অনুশীলন। বিয়লি ৫ বজাৰ পৰা ৮ বজালৈ অনুশীলন চলাব ভাৰতীয় দলে।

গুৱাহাটীত উপস্থিত হোৱাৰ পিছত দুয়োটা দলেই বাহৰ পাতিছে হোটেল ৰেডিচন ব্লুত। উল্লেখযোগ্য এদিনীয়া মেচখনৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম। পূৰ্বৰ দৰে পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে তন্ন তন্নকৈ সকলো দিশ চালিজাৰি চাইছে অসম ক্ৰিকেট সন্থাই।

শেহতীয়া বাতৰি