টি–২০ বিশ্বকাপত দেওবাৰে ভাৰত আৰু পাকিস্তান মুখামুখি হ’ব। পাকিস্তানে কেতিয়াও টি–২০ বিশ্বকাপত ভাৰতক পৰাস্ত কৰিব পৰা নাই। এইবাৰো দল দুটালৈ চাই সেই পৰিণামে হ’ব যেন অনুমান কৰিছে ক্ৰিকেটপ্ৰেমীয়ে। ভাৰতীয় দলে পুনৰ এবাৰ ইতিহাসৰ পুনৰাবৃত্তি কৰিব পাৰে। ইয়াৰ মাজতে মেচখনক লৈ পাকিস্তানৰ প্ৰাক্তন বলাৰ ছোৱেইব আখতাৰে প্ৰকাশ কৰিছে আমোদজনক মন্তব্য।
এটা শ্ব’ত আখতাৰক সোধা হৈছিল যে টীম ইণ্ডিয়াক হৰুৱাবলৈ পাকিস্তানে কি তিনিটা উপায় অৱলম্বন কৰিব লাগিব। এই সন্দৰ্ভত ছোৱেইব আখতাৰে ধেমালি কৰি কয় যে ভাৰতীয় দলক টোপনিৰ টেবলেট দিব লাগিব, বিৰাট কোহলীক ইনষ্টাগ্ৰামত ৰখাব লাগিব আৰু এম এছ ধোনীক ক’ব লাগিব যে তুমি খেলিবলৈ নাহিবা।
অৱশ্যে এই ধেমেলীয়া মন্তব্যৰ পিছত আখতাৰে কয় যে পাকিস্তানে ষ্ট্রাইক ৰেট ভাল কৰি ৰাখিব লাগিব। অপেনিং বেটছমেনে অধিক স্ক’ৰ কৰিব লাগিব আৰু সঠিক স্ক’ৰত উপনীত কৰাব লাগিব যাতে বলিং ইউনিটে সুবিধা পায়।
এই শ্ব’ত হৰভজন সিঙে কয় যে আমি আৰম্ভণি ভাল কৰিব লাগিব, নিজৰ খেল খেলিব লাগিব আৰু কোনো ধৰণৰ কোনো প্ৰেচাৰ ল’ব নালাগিব।
এইবাৰ পাকিস্তানৰ অধিনায়ক বাবৰ আজমে দাবী কৰিছে যে তেওঁলোকে সম্পূৰ্ণ আত্মবিশ্বাসৰ সৈতে খেলপথাৰত নামিব ভাৰতক পৰাজিত কৰিব। আনহাতে, ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে পূৰ্বেই কৈছে যে এই মেচখন আমি অন্য মেচৰ দৰেই লৈছো। আমি খেলপথাৰত সম্পূৰ্ণ শক্তি প্ৰদৰ্শন কৰিম।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 24, 2021, 16:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|