এদিনীয়া ক্ৰিকেটত নিজৰ নামত ২৯টা শতক অৰ্জন কৰা ৰোহিত শৰ্মাই আজি ৩০তম শতক অৰ্জন কৰে। ভাৰত বনাম নিউজিলেণ্ডৰ ছিৰিজত হিটমেনজন ফৰ্মলৈ ওভতি অহা দেখা গ'ল। তিনি বছৰৰ বিৰতিৰ অন্তত এদিনীয়াত শতক অৰ্জন কৰে ৰোহিত শৰ্মাই। ২০২০ চনৰ ১৯ জানুৱাৰীৰ পিছত আজি ২০২৩ চনৰ ২৪ জানুৱাৰীত আৰু এটা শতক অৰ্জন কৰে ৰোহিত শৰ্মাই।
মঙলবাৰে ভাৰত বনাম নিউজিলেণ্ডৰ তৃতীয়খন খেলত ৰোহিত শৰ্মাই ৮৫টা বলত ১০১ ৰাণ সংগ্ৰহ কৰে। আজিৰ হিটমেনৰ ইনিংছত ৯টা চাৰি আৰু ৬টা ছয়ৰে ইন্দোৰত এই প্ৰদৰ্শন ৰোহিতৰ। আজিৰ দিনটোতে প্ৰথম উইকেটৰ অংশীদাৰিত্বত ২০০ ৰাণ সংগ্ৰহ কৰা হয় অ’পেনাৰ ৰোহিতৰ লগতে আন এজন অ’পেনাৰ শুভমন গীলেও ভাৰত বনাম নিউজিলেণ্ডৰ তৃতীয় এদিনীয়াত শতক অৰ্জন কৰে।
𝗖𝗘𝗡𝗧𝗨𝗥𝗬! 🔥
Talk about leading from the front! 🙌🏻
A magnificent century from #TeamIndia captain @ImRo45 💯
Follow the match ▶️ https://t.co/ojTz5RqWZf…#INDvNZ | @mastercardindia pic.twitter.com/iR3IJH3TdB
— BCCI (@BCCI) January 24, 2023
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত তিনিখন এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত শতক অৰ্জন কৰে ৰোহিত শৰ্মাই। টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতীয় দলৰ অ’পেনিং যুটিয়ে ভাল বেটিং কৰে। ইতিমধ্যে দ্বিতীয়খন এদিনীয়াত ৰোহিতে আগ্ৰাসী প্ৰত্যাৱৰ্তনৰ ইংগিত দিছিল। সেই মেচত তেওঁ ৫০টা বলত ৭টা চাৰি আৰু দুটা ছয়ৰে ৫১ ৰাণ সংগ্ৰহ কৰে।
ভাৰতীয় অধিনায়কগৰাকীৰ দ্ৰুত ফায়াৰ ইনিংছক অনুৰাগী আৰু অনুগামীসকলে অতিশয় শলাগ লয়। দ্বিতীয়খন এদিনীয়াত ৰোহিত শৰ্মাৰ প্ৰশংসাৰে ওপচাই পেলাইছে।
ৰোহিতে যেতিয়া এনেদৰে খেলিছিল, তেতিয়া আকাশ চোপ্ৰাই কৈছিল, "ৰো ছুপাৰহিট শৰ্মা, মুম্বাই চা ৰাজা, বাজা ৰহা হায় বাজা।" সেই ফৰ্ম অব্যাহত ৰাখি আজিৰ দিনটোত ৰোহিত শৰ্মাই শতক অৰ্জন কৰে। আজিৰ দিনটোতে শতক অৰ্জনত বহুদিনৰ বিৰতিৰ অন্ত পৰিল ৰোহিতৰ লগতে শুভমন গীলৰ বাবে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|