মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »IND vs NZ 3rd T20 : শুভমন গীলৰ শতৰান, নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়, নিউজিলেণ্ডৰ ইমান শোচনীয় অৱস্থা কিয়?

IND vs NZ 3rd T20 : শুভমন গীলৰ শতৰান, নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়, নিউজিলেণ্ডৰ ইমান শোচনীয় অৱস্থা কিয়?

IND vs NZ 3rd T20 : টি-২০ ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে শুভমন গীলে। প্ৰথমে বেটিং কৰি ভাৰতে বিশ্বৰ সৰ্ববৃহৎ আহমেদাবাদত থকা  ষ্টেডিয়ামত ৪ উইকেটত ২৩৪ ৰান সংগ্ৰহ কৰে।

IND vs NZ 3rd T20 : টি-২০ ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে শুভমন গীলে। প্ৰথমে বেটিং কৰি ভাৰতে বিশ্বৰ সৰ্ববৃহৎ আহমেদাবাদত থকা  ষ্টেডিয়ামত ৪ উইকেটত ২৩৪ ৰান সংগ্ৰহ কৰে।

  • Share this:
শুভমন গীলৰ অনবদ্য শতকৰ বাবেই ভাৰতীয় দলে টি-২০ শৃংখলাৰ অন্তিম মেচত বৃহৎ জয় লাভ কৰে।  বুধবাৰে টি-২০ শৃংখলাৰ অন্তিমখন খেলত ভাৰতে নিউজিলেণ্ডক ১৬৮ ৰানত পৰাস্ত কৰে।

ৰানৰ ক্ষেত্ৰত এয়া ভাৰতৰ সৰ্ববৃহৎ জয়।  প্ৰথমে বেটিং কৰি ভাৰতে ২৩৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে  মাত্ৰ ৬৬ ৰানতে অল আউট হয় নিউজিলেণ্ড।  ইয়াৰ পূৰ্বে ২০১৮ চনত টিম ইণ্ডিয়াই আয়াৰলেণ্ডক ১৪৩ ৰানত পৰাস্ত কৰিছিল। এইবাৰ ভাৰতীয় দলটোৱে কিৱি বাহিনীৰ বিৰুদ্ধে ২-১ত জয়লাভ কৰে শৃংখলা।

টি-২০ ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে শুভমন গীলে। প্ৰথমে বেটিং কৰি ভাৰতে বিশ্বৰ সৰ্ববৃহৎ আহমেদাবাদত থকা  ষ্টেডিয়ামত ৪ উইকেটত ২৩৪ ৰান সংগ্ৰহ কৰে। ৬৩টা বলত অপৰাজিত ১২৬ ৰান সংগ্ৰহ কৰে গীলে। তেওঁ ১২টা চাৰি আৰু ৭টা ছয় কোবাই।

ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে ১২.১ অভাৰত মাত্ৰ ৬৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ভাৰতে এদিনীয়া শৃংখলাত নিউজিলেণ্ডক ৩-০ বৃহৎ  ব্যৱধানত পৰাস্ত কৰিছিল। ২০২৩ চনৰ আৰম্ভণিতে ভাৰতে একেৰাহে চতুৰ্থখন শৃংখলাত জয়লাভ কৰিলে ভাৰতে।  ইয়াৰ পূৰ্বে টিম ইণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাতো জয়লাভ কৰিছিল।

খেলখনত মাত্ৰ ২১ ৰানত ৫ উইকেট হেৰুৱালে নিউজিলেণ্ড।  দলটোৰ ৯ জনকৈ বেটছমেনে দহকৰ ঘৰত উপনীত হ’ব নোৱাৰিলে। ডেৰিল মিচেলে সৰ্বাধিক ৩৫ ৰান সংগ্ৰহ কৰে। অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ৪টা উইকেট দখল কৰে। ইয়াৰ উপৰি বেগী বলাৰ আৰ্শদীপ সিং, উমৰান মালিক আৰু শিৱম মাভিয়ে ২টাকৈ উইকেট লাভ কৰে।

ছাণ্টনাৰৰ বলত এক ৰানৰ জৰিয়তে ৩৫টা বলত কেৰিয়াৰৰ প্ৰথমটো টি-২০ অৰ্ধশতক অৰ্জন কৰে গীলে। ইয়াৰ পিছত তেওঁ ৫৪টা বলত শতক অৰ্জন কৰে। ২০২৩ চনৰ আৰম্ভণি অতি শুভ। ইয়াৰ পূৰ্বে তেওঁ এদিনীয়া ক্ৰিকেটত দ্বৈত শতক অৰ্জন কৰিছিল। টি-২০ ক্ৰিকেটত এয়া প্ৰথম শতক শুভমন গীলৰ।

শেহতীয়া বাতৰি