ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখন খেলৰ শৃংখলাৰ তৃতীয় আৰু অন্তিম খন এদিনীয়া (IND vs AUS) আজি অৰ্থাৎ বুধবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। দুয়োটা দল শৃংখলাটোত ১-১ ত সমতা স্থাপন কৰি আছে।
ভাৰতে মুম্বাই এদিনীয়াত বিজয়ী হৈছিল, আনহাতে বিশাখাপত্তনম এদিনীয়াত কেংগাৰুবাহিনীয়ে ভাৰতক পৰাস্ত কৰিছিল। তৃতীয় এদিনীয়াখন ৰোমাঞ্চকৰ হ'ব বুলি আশা কৰা হৈছে। দুয়োটা দলে শৃংখলাটো জিকিবলৈ সকলো ধৰনৰ চেষ্টা চলাব। আগন্তুক বিশ্বকাপৰ পূৰ্বে সূৰ্যকুমাৰ যাদৱৰ বাবে নিজকে প্ৰমাণ কৰাৰ এইটো এটা সোণালী সুযোগ। শ্ৰেয়াছ আয়াৰৰ অনুপস্থিতিত, সূৰ্যই সুন্দৰ প্ৰদৰ্শন আগবঢ়াব লাগিব।
শেষবাৰৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়া ২০১৭ চনত চেন্নাইৰ এই ষ্টেডিয়ামত মিলিত হৈছিল, যেতিয়া আয়োজক দলটোৱে অতিথিসকলক ২৬ ৰাণত পৰাস্ত কৰিছিল। অৱশ্যে, তেতিয়া অষ্ট্ৰেলিয়াই শৃংখলাটো ৩-২ ত জিকিছিল। ছয় বছৰৰ পিছত, দুয়োটা দল এই খেলপথাৰত পুনৰ মুখামুখি হ'ব। তেতিয়াৰ পৰা, ভাৰতে তেওঁলোকৰ ঘৰুৱা মাটিত ৭ খন এদিনীয়া শৃংখলা জিকিছে। কোৰোনাৰ কাৰণে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এটা শৃংখলা সম্পূৰ্ণ কৰিব পৰা নগ'ল।
Published by: Kokil Sarma
FIRST PUBLISHED : March 22, 2023, 09:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।