বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাৰ অন্তিমখন খেলৰ প্ৰথম দিনা ভাৰত চাপত আছে বুলি কোৱাটো ভূল নহ'ব। দিনটোৰ শেষত চালকৰ আসনত অষ্ট্ৰেলিয়া। তেওঁলোকে সাহসী ক্ৰিকেট খেলিছে।
চাহ বিৰতিৰ পিছত উমেশ যাদৱে বলিং আৰম্ভ কৰে। ৬৩ তম অভাৰত অষ্ট্ৰেলিয়াই ১৫০ ৰাণৰ সীমা অতিক্ৰম কৰে। ৰবীন্দ্ৰ জাদেজাৰ দ্বাৰা বোল্ড হোৱাৰ পিছত ষ্টিভ স্মিথে খেলপথাৰ এৰিছিল। তেওঁ ১৩৫ টা বলত ৩৮ ৰাণ সংগ্ৰহ কৰে।
তাৰ পিছত মহম্মদ ছামীৰ দ্বাৰা বোল্ড আউট হৈ পিটাৰ হেণ্ডচকম্ব ড্ৰেছিং ৰুমলৈ উভতি আহিছিল। তেওঁ ২৭ টা বলত ১৭ ৰাণ সংগ্ৰহ কৰিছিল।অষ্ট্ৰেলিয়াৰ বেটছমেনসকলক পুৰণি বলৰ সৈতে ভাৰতীয় স্পিনাৰৰ সন্মুখত আৰামদায়ক দেখা নাছিল।
অৱশ্যে, ভাৰতৰ হৈ ছামীয়ে গ্ৰীণক কেইবাবাৰো চুটি বলৰে প্ৰত্যাহ্বান জনাইছিল। আনহাতে, উছমান খাৱাজাই ভাৰত ভ্ৰমণৰ প্ৰথম শতক সম্পূৰ্ণ কৰে। ভাৰতে দিনটোৰ অন্তিম চেছনত দুটা উইকেট দখল কৰিছে, কিন্তু অষ্ট্ৰেলিয়াই যথেষ্ট ইতিবাচক ক্ৰিকেট খেলিছে।
Published by: Kokil Sarma
FIRST PUBLISHED : March 09, 2023, 19:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।