ভাৰতীয় ক্ৰিকেট দল আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ৪ খন খেলৰ শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন টেষ্ট মেচ (IND vs AUS) আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। আজি খেলখনৰ দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ দলটোৱে ৪৮০ ৰাণ সংগ্ৰহ কৰে। আৰ অশ্বিনে ইনিংছত ৬ টা উইকেট দখল কৰে আৰু অষ্ট্ৰেলিয়াক ৪৮০ ৰাণৰ স্ক'ৰত অল আউট কৰে। উছমান খাৱাজাই ১৮০ ৰাণ কৰে আৰু কেমেৰুন গ্ৰীনে ১১৪ ৰাণ সংগ্ৰহ কৰে।
দ্বিতীয় দিনা ৰোহিত শৰ্মা আৰু শুভমান গিলৰ ভাৰতীয় অপেনিং যুটিটোৱে সতৰ্কতাৰে কোনো ক্ষতি নোহোৱাকৈ ৩৬ ৰাণ সংগ্ৰহ কৰি সুন্দৰ আৰম্ভণি কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : March 10, 2023, 17:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।