আৰ অশ্বিনৰ নেতৃত্বত, ভাৰতীয় বলাৰসকলে দ্বিতীয় টেষ্টত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। দ্বিতীয় টেষ্টত অষ্ট্ৰেলিয়াৰ দলটো প্ৰথম ইনিংছত ২৬৩ ৰাণত অল আউট হৈছে (IND vs AUS)। উছমান খাৱাজা আৰু পিটাৰ হেণ্ডচকম্বে অৰ্ধ-শতক অৰ্জন কৰে। তথাপিও দলটোৱে এটা ডাঙৰ স্ক'ৰ কৰিব নোৱাৰিলে।
ফাষ্ট বলাৰ মহম্মদ ছামীয়ে ৪ টা উইকেট লাভ কৰাৰ লগতে বাওঁহাতৰ স্পিনাৰ ৰবীন্দ্ৰ জাদেজাই ৩টা উইকেট লাভ কৰে। অশ্বিনেও ৩ টা উইকেট দখল কৰিছিল। হেণ্ডচকম্বে ৭২ ৰাণ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে, নাগপুৰত খেলা প্ৰথমখন খেলত ভাৰতীয় দলটো ইনিংছ ব্যৱধানত বিজয়ী হৈছিল। টীম ইণ্ডিয়াই ৪ খন খেলৰ শৃংখলাত ১-০ত আগবাঢ়ি আছে। দিল্লীত, দলটো ১৯৮৭ চনৰ পৰা পৰাজিত হোৱা নাই। প্ৰত্যুত্তৰত প্ৰথম দিনাৰ খেলৰ শেষত ভাৰতে ৯ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ২১ ৰাণ সংগ্ৰহ কৰে। ৰোহিত শৰ্মাই ১৩ ৰাণ আৰু কে এল ৰাহুলে ৪ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। টীম ইণ্ডিয়াই ইয়াতো প্ৰথম ইনিংছত এটা ডাঙৰ স্ক'ৰ কৰাৰ লক্ষ্য লৈ কাইলৈ খেলপথাৰত নামিব।
Published by: Kokil Sarma
FIRST PUBLISHED : February 17, 2023, 18:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।