ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় বেটছমেনসকলে শক্তিশালী প্ৰদৰ্শন কৰে। ইয়াৰ ফলত টীম ইণ্ডিয়াই প্ৰথম ইনিংছত ১৪৪ ৰাণৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় আৰু ৩ টা উইকেট বাকী থাকে। অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাইও ৫ মাহৰ পিছত তেওঁৰ প্ৰত্যাৱৰ্তন উদযাপন কৰিছে। প্ৰথমে এই বাওঁহাতৰ স্পিনাৰগৰাকীয়ে ৫ টা উইকেট দখল কৰে। তাৰ পিছত তেওঁ অপৰাজিত ৬৬ ৰাণ খেলি ক্ৰিজত আছে আৰু দলটোৰ স্ক'ৰ ৩০০ ৰাণৰ ওপৰলৈ লৈ আহিছে। দ্বিতীয় দিনাৰ খেলৰ শেষত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৭ টা উইকেটত ৩২১ ৰাণ সংগ্ৰহ কৰিছে। অক্ষৰ পেটেলেও অৰ্ধ-শতক অৰ্জন কৰি দৃঢ়তাৰে থিয় হৈ আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰি থকা ২২ বছৰীয়া অফ স্পিনাৰ টড মাৰ্ফিয়ে ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে, অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ১৭৭ ৰাণহে সংগ্ৰহ কৰিব পাৰিছিল।
ভাৰতে শুক্ৰবাৰে দ্বিতীয় দিনটো এটা উইকেটৰ বিনিময়ত ৭৭ ৰাণত আৰম্ভ কৰিছিল। প্ৰথম চেছনত, দলটোৱে ২টা উইকেট হেৰুৱাইছিল। ৰবিচন্দ্ৰন অশ্বিন (২৩) আৰু চেতেশ্বৰ পূজাৰাই (৭) তেওঁলোকৰ উইকেট হেৰুৱায়। যুৱ অফ স্পিনাৰ টড মাৰ্ফিয়ে ভাৰতীয় খেলুৱৈসকলক অসুবিধাত পেলাইছিল, কিন্তু ৰোহিত শৰ্মাই সংযম দেখুৱাইছিল।
কোহলী আৰু সূৰ্যকুমাৰ সোনকালে আউট হয়
বিৰাট কোহলী (১২) আৰু সূৰ্যকুমাৰ যাদৱে (৮) ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে। ইয়াৰ ফলত, এটা সময়ত ৫ টা উইকেটৰ বিনিময়ত ভাৰতৰ স্ক'ৰ আছিল ১৬৮ ৰাণ। কোহলীক মাৰ্ফিয়ে উইকেটকিপাৰ এলেক্স কেৰীৰ হাতত ধৰিছিল। একে সময়তে, প্ৰথম টেষ্ট খেলি থকা সূৰ্যকুমাৰক অফ স্পিনাৰ নাথান লায়নে বোল্ড কৰে। ইয়াৰ পিছত, ৰোহিত শৰ্মা আৰু ৰবীন্দ্ৰ জাদেজাই অৰ্ধশতকৰ অংশীদাৰীত্ব কৰি স্ক'ৰটো ২২০ ৰাণৰ ওপৰলৈ লৈ যায়। ৰোহিত শৰ্মাই ২১২ টা বলত ১২০ ৰাণ কৰে আৰু পেট কামিন্সৰ দ্বাৰা বোল্ড হয়। ইয়াৰ পিছত, উইকেটকিপাৰ বেটছমেন কে এছ ভাৰতে আন্তঃৰাষ্ট্ৰীয় অভিষেকত বেটেৰে কোনো বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে। তেওঁ ১০ টা বলত ৮ ৰাণ সংগ্ৰহ কৰে। এইটো মাৰ্ফিৰ ৫ম উইকেট আছিল।
ইয়াৰ পিছত, জাদেজা আৰু অক্ষৰ পেটেলে অপৰাজিত অৰ্ধশতক অৰ্জন কৰাৰ ফলত টীম ইণ্ডিয়াৰ স্ক'ৰ ৩০০ ৰাণৰ অধিক হয়। জাদেজাই ১৭০ টা বলত ৬৬ ৰাণ কৰি খেলি আছে। তেওঁ এতিয়ালৈকে ৯ টা চাৰি মাৰিছে। একে সময়তে, অক্ষৰ পেটেলে ১০২ টা বলত ৫২ ৰাণত থিয় হৈ আছে। তেওঁ ৮ টা চাৰি মাৰিছে। দুয়োজনে এতিয়ালৈকে ৮১ ৰাণৰ অপৰাজিত যুটী বান্ধিছে।
Published by: Kokil Sarma
FIRST PUBLISHED : February 10, 2023, 17:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।