ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ অন্তিমখন খেল আহমেদাবাদত অনুষ্ঠিত হৈছে। এই খেলখনত, অষ্ট্ৰেলিয়াৰ দলটোৱে ভাৰতত আধিপত্য বিস্তাৰ কৰা দেখা গৈছে। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৮০ ৰাণৰ এটা ডাঙৰ স্ক'ৰ সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ৫৭১ ৰান কৰি ৯১ ৰাণৰ অগ্ৰগতি লাভ কৰে। কিন্তু দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই অন্তিম দিনা সুন্দৰ বেটিং কৰে আৰু মাত্ৰ দুটা উইকেট হেৰুৱায় যাৰ বাবে টেষ্টখন ড্ৰ হৈ পৰে। একে সময়তে, টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ অক্ষৰ পেটেলে তেওঁৰ টেষ্ট কেৰিয়াৰত ৫০ টা উইকেট সম্পূৰ্ণ কৰিছে।
অক্ষৰ পেটেলে এই শৃংখলাটোত তেওঁৰ বলিঙৰ সৈতে বিশেষ একো কৰা নাছিল। কিন্তু তেওঁ তেওঁৰ বেটিঙৰ দ্বাৰা সকলোকে প্ৰভাৱিত কৰিছে। ইয়াৰ সৈতে, দলত তেওঁৰ স্থান নিশ্চিত যেন লাগিছে। আহমেদাবাদ টেষ্টৰ অন্তিম দিনটোত তেওঁ তেওঁৰ টেষ্ট কেৰিয়াৰৰ ৫০ তম উইকেটটো স্মৰণীয় কৰি তোলে। অক্ষৰে ট্ৰেভিছ হেডৰ ষ্টাম্প ওফৰাই পেলাইছিল, যি ৯০ ৰানত বেটিং কৰি আছিল। তেওঁ আউট কৰা বলৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
অক্ষৰ পেটেলে এই শৃংখলাটো নিজৰ বেটিঙেৰে স্মৰণীয় কৰি তোলে। তেওঁ বেটেৰে শৃংখলাত ২৬৪ ৰান কৰে আৰু এয়া শৃংখলাটোত যিকোনো বেটছমেনৰ তৃতীয় সৰ্বাধিক ৰান। তেওঁৰ আগত আছে খাৱাজা আৰু কোহলী। আনহাতে বেটিং গড়ৰ ক্ষেত্ৰত ৮৮ গড়েৰে তেওঁ শীৰ্ষত আছে।
Published by: Kokil Sarma
FIRST PUBLISHED : March 13, 2023, 17:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।