সোমবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হোৱা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ (IBA Women’s World Boxing Championships ) কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁয়ে।
লাভলিনাই (Lovlina Borgohain) ৭৫ কেজি শাখাত মেক্সিকোৰ ভেনেছা অৰ্টিজক ৫-০ ব্যৱধানত পৰাস্ত কৰে। লাভলিনাই এই খেলত অনায়াস জয় সাব্যস্ত কৰে।
‘বিপক্ষৰ (ভেনেছা) উচ্চতা চুটি আছিল আৰু আক্ৰমণাত্মকভাৱে আক্ৰমণ কৰিছিল, যিটো নিয়ন্ত্ৰণ কৰাটো কঠিন আছিল। গতিকে মোৰ পৰিকল্পনা আছিল দূৰত্ব বজাই আক্ৰমণ কৰা। আজি মোৰ প্ৰদৰ্শনত মই ইমান সুখী নহয়, কাৰণ মই ভাবোঁ যে মই বহুত ভাল কৰিব পাৰিলোঁহেঁতেন আৰু মোৰ পৰৱৰ্তী খেলত নিশ্চিতভাৱে উন্নতি কৰিম। যিহেতু এইটো মোৰ ৭৫ কেজি শাখাত প্ৰথম বিশ্ব চেম্পিয়নশ্বিপ, সেয়েহে ই অলপ কঠিন, কাৰণ আন সকলো বক্সাৰে আগৰ পৰাই এই শাখাত খেলি আহিছে যদিও মই বিশ্বাস কৰোঁ যে মই ভাল খেলিব পাৰিম।’-মেচৰ পিছত লাভলিনাই কয়।
Published by: Gautam Barman
FIRST PUBLISHED : March 20, 2023, 20:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।