হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত, ভাৰতীয় মহিলা দলে টি-২০ বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। প্ৰতিযোগিতাখনৰ তেওঁলোকৰ দ্বিতীয়খন খেলত ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজক ৬ উইকেটত পৰাস্ত কৰে। এইটো দলটোৰ একেৰাহে দ্বিতীয়টো জয়।
ইয়াৰ পূৰ্বে ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰিছিল। খেলখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি ৬ উইকেটত মাত্ৰ ১১৮ ৰাণ সংগ্ৰহ কৰে। অফ স্পিনাৰ দীপ্তি শৰ্মাই ভাল বলিং কৰে আৰু ৪ অভাৰত ১৫ ৰাণত ৩ টা উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১৮.১ অভাৰত ৪ উইকেটত লক্ষ্য প্ৰাপ্ত কৰে। হৰমনপ্ৰীত কৌৰে ৩৩ ৰাণ কৰে আৰু ৰিচা ঘোষে ৪৪ ৰান কৰি নট আউট হৈ থাকে।
লক্ষ্যৰ পিছে পিছে ভাৰতীয় দলটোৱে দ্ৰুত গতিত আৰম্ভ কৰিছিল৷ ৩.২ অভাৰৰ পিছত, উইকেট অবিহনে স্ক'ৰ আছিল ৩২ ৰাণ৷ ইয়াৰ পিছত, দলটো সংকটত পৰে আৰু স্ক'ৰ হয়গৈ ৩ উইকেটৰ বিনিময়ত ৪৩ ৰাণ। শ্বাফালী বাৰ্মাই ২৩ টা বলত ২৮ ৰাণ, স্মৃতি মান্ধানাই ৭ টা বলত ১০ ৰাণ আৰু জেমিমা ৰড্ৰিগছে ৫ টা বলত মাত্ৰ এক ৰাণ সংগ্ৰহ কৰি আউট হয়। ইয়াৰ পিছত, হৰমনপ্ৰীত কৌৰ আৰু ৰিচা ঘোষে দলটোৰ বিজয় নিশ্চিত কৰিবলৈ ৭২ ৰাণৰ যুটী বান্ধে। হৰমনপ্ৰীতে ৪২ টা বলত ৩৩ ৰাণ কৰে। ৰিচাই ৩২ টা বলত ৪৪ ৰাণ কৰি নট আউট হৈ থাকে।
Published by: Kokil Sarma
FIRST PUBLISHED : February 15, 2023, 22:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।