আৰু মাত্ৰ কিছু সময়ৰ অপেক্ষা। পুনৰ আৰম্ভ হ'ব বিশ্ব ক্ৰিকেটৰ মহাৰণ। দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত ভাৰতীয় সময় অনুসৰি আজি সন্ধিয়া ৬:৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব খেলখন। ২২ গজত পুনৰ মুখামুখি হ’বলৈ গৈ আছে দুই তীক্ষ্ণ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান। মহিলা টী-২০ বিশ্বকাপৰ মেগা মেচখনক লৈ অনুৰাগীৰ মাজত সৃষ্টি হৈছে উন্মাদনা। হৰমনপ্ৰীত কৌৰ আৰু বিস্মা মাহৰুফৰ দলটোত কেইবাগৰাকী খেলুৱৈৰ আঘাতৰ সমস্যা থাকিলেও জয়ৰ বাবে সাজু টীম ইণ্ডিয়া। দুয়োটা দলে জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিবলৈ সংকল্পবদ্ধ।
কিন্তু পাকিস্তানৰ বিৰুদ্ধে এই বৃহৎ মেচখনৰ আগেয়ে ভাৰতীয় মহিলা দলটোৰ কেইবাগৰাকী খেলুৱৈয়ে আঘাতৰ সন্মুখীন হ’বলগীয়া হৈছিল। দলটোৰ তাৰকা বেটছমেন স্মৃতি মান্ধানাই আঘাতৰ বাবে পাকিস্তানৰ খেলখনত খেলিব নোৱাৰিব। দৰাচলতে বিগত কেইখনমান মেচত দলটোৰ বেটিং লাইনে বিশেষ প্ৰদৰ্শন কৰিব পৰা নাই। তাৰ ওপৰত ভাৰতীয় দলটো অলপ চাপত পৰিছে কাৰণ বিশ্বকাপৰ অভিযানৰ আৰম্ভণিতে স্মৃতি মান্ধনা নাথাকিব। অৱশ্যে এই শ্বক চম্ভালি লৈ দলটোৱে ভাল খেলিব বুলি আত্মবিশ্বাসী অধিনায়ক হৰমনপ্ৰীত কৌৰে।
প্ৰথমখন খেলত ভাৰতীয় দলৰ আৰম্ভণি একাদশ কি হ’ব সেই সন্দৰ্ভতো জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। স্মৃতি মান্ধনাৰ সলনি কোনে খেলিব সেয়া এক প্ৰশ্ন। ক্ৰিকেটপ্ৰেমীসকলেও কৌতুহলী হৈ পৰিছে শ্বেফালী ভাৰ্মাৰ ওপেনিং পাৰ্টনাৰ কোন হ’ব। ফলত পাকিস্তানৰ বিৰুদ্ধে মেগা মেচত ভাৰতীয় দলৰ প্ৰথম একাদশলৈ এবাৰ চকু ফুৰাওক।
পাকিস্তানৰ বিৰুদ্ধে সম্ভাৱ্য ভাৰত একাদশঃ শ্বেফালী ভাৰ্মা, জেমিমা ৰড্ৰিগেজ, হৰলিন দেৱাল, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেটকীপাৰ), ৰাধা যাদৱ, পূজা বাষ্ট্ৰকাৰ, ৰাজেশ্বৰী গাইকৱাদ, শিখা পাণ্ডে আৰু ৰেনুকা সিং ঠাকুৰ/অঞ্জলি সৰ্বানী।
পাকিস্তানৰ সম্ভাৱ্য একাদশঃ ছিদ্ৰা আমিন, জাভেৰিয়া খান, বিছমাহ মাৰুফ (অধিনায়ক), মুনিবা আলী (উইকেটকীপাৰ), নিদা দাৰ, আলিয়া ৰিয়াজ, আয়েশা নাছিম, সাদিয়া ইকবাল, ফাতিমা চানা, নাশ্ৰা সন্ধু আৰু আইমান আনোৱাৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।