মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »ICC Women's T20 World Cup 2023: মহিলা টী-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচৰ পূৰ্বে দুই অধিনায়কৰ নৃত্য, চাওক ভাইৰেল ভিডিঅ'

ICC Women's T20 World Cup 2023: মহিলা টী-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচৰ পূৰ্বে দুই অধিনায়কৰ নৃত্য, চাওক ভাইৰেল ভিডিঅ'

এই মেচখনৰ পূৰ্বে ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু পাকিস্তানৰ অধিনায়ক বিস্মাহ মাহৰুফৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

এই মেচখনৰ পূৰ্বে ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু পাকিস্তানৰ অধিনায়ক বিস্মাহ মাহৰুফৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ICC Women's T20 World Cup 2023: ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু পাকিস্তানৰ অধিনায়ক বিস্মাহ মাহৰুফৰ এই হাই ভল্টেজ টি-২০ বিশ্বকাপ মেচখনৰ পূর্বে এটা ভিডিঅ’ প্ৰকাশ হৈছে৷ চাওক এই ভাইৰেল ভিডিঅ'টো

  • Share this:

ভাৰত বনাম পাকিস্তানৰ এই মেচখনৰ উন্মাদনা সকলো সময়তে আৰু সকলোতে ইয়াৰ প্ৰতি আকৰ্ষণ অনিবাৰ্য কিন্তু ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্ক ইমানেই জটিল স্থানত থিয় দিছে যে ভাৰত বনাম পাকিস্তানক কেৱল আইচিচিৰ মঞ্চতহে খেলা হয়। এই দুয়োটা দলে কেতিয়াও দ্বিপাক্ষিক শৃংখলাত ইজনে সিজনৰ বিৰুদ্ধে খেলা নাই। এইবাৰৰ আই চি চি টি-২০ মহিলা ক্ৰিকেট বিশ্বকাপত (ICC Women's T20 World Cup 2023) পাকিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াই অভিযান আৰম্ভ কৰিছে।


এই মেচখনৰ পূৰ্বে ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু পাকিস্তানৰ অধিনায়ক বিস্মাহ মাহৰুফৰ এটা ভিডিঅ’ ব্ৰেকনেক স্পীডত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত প্ৰতিদ্বন্দ্বী দল দুটাৰ অধিনায়কসকলে খেলখনৰ উত্তেজনা পাহৰি যথেষ্ট আমোদ কৰা দেখা গৈছে।


ভাৰত বনাম পাকিস্তানৰ খেলৰ আগৰ ভাইৰেল ভিডিঅ' চাওঁক:





যেতিয়াই ভাৰত-পাকিস্তানৰ মেচ হয় তেতিয়াই অনুৰাগী আৱেগিক হৈ পৰে I এনেকুৱাই হৈছে আজিৰ আই চি চি মহিলা টি-২০ বিশ্বকাপত। দেওবাৰৰ এই বিশ্বকাপৰ খেলখনক 'ছুপাৰ চানডে মেচ' বুলি কোৱা হৈছে। এই খেলখনৰ জৰিয়তে ভাৰত আৰু পাকিস্তানৰ দলে এইবাৰৰ আই চি চি টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিবলৈ ওলাইছে। দহটা দলৰ এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানে গ্ৰুপ Bত স্থান লাভ কৰিছে। ভাৰত আৰু পাকিস্তানৰ বাহিৰেও এই গোটত আয়াৰলেণ্ড, ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ অন্তৰ্ভুক্ত।


ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু পাকিস্তানৰ অধিনায়ক বিস্মাহ মাহৰুফৰ এই হাই ভল্টেজ টি-২০ বিশ্বকাপ মেচখনৰ পূর্বে এটা ভিডিঅ’ প্ৰকাশ হৈছে৷ এই ভিডিঅ’টো আহিছে মেচ সম্প্ৰচাৰ কৰা চেনেলটোৰ অফিচিয়েল টুইটাৰ পেজত এই ভিডিঅ'টোত হৰমনপ্ৰীত কৌৰ আৰু বিস্মাহ মাহৰুফ দুয়োকে ভাংড়াৰ কিছুমান চিগনেচাৰ ষ্টেপ কৰা দেখা গৈছে। এই খেলখনক লৈ দুয়োটা দলৰ অধিনায়কসকল অতিশয় উৎসাহিত ভাৰত বনাম পাকিস্তানৰ মেচ য’তেই খেলা হয় তাতেই আকৰ্ষণ সমানেই অপ্ৰতিৰোধ্য

শেহতীয়া বাতৰি