ছন্দ পতন! পাকিস্তানৰ দুৰ্দান্ত প্ৰদৰ্শনত ধৰাশায়ী কোহলী বাহিনী। ১০ উইকেটত জয়ী হ'ল পাকিস্তান। এটাও উইকেট নেহেৰুৱাকৈ লক্ষ্যত উপনীত হ'ল পাকিস্তান। ভাৰতে বান্ধি দিয়া ১৫২ ৰানৰ লক্ষ্য হেলাৰঙে অতিক্ৰম কৰিছে বাবৰ আজম নেতৃত্বাধীন দলটোৱে। আৰু এই জয়ৰ লগে লগে পাকিস্তানে গঢ়িলে অন্য এক অভিলেখ। আইচিচি টি২০ বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ ভাৰতক পৰাস্ত কৰিবলৈ সক্ষম হয় পাকিস্তান। সেইদৰে ভৰতীয় দলো প্ৰথমবাৰলৈ টি২০ মেচত ১০ উইকেটত পৰাস্ত হ'ল।
প্ৰথমে বেটিং কৰি ভাৰতীয় দলে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৫১ ৰান সংগ্ৰহ কৰে। দুই অপেনাৰ ক্ৰমে ৰোহিত শৰ্মা আৰু কে এল ৰাহুল চূড়ান্ত ভাবে ব্যৰ্থ হোৱাৰ পিছত অধিনায়ক কোহলী আৰু ঋষভ পণ্টে ভাৰতীয় দলৰ ইনিংছ কিছু আগুৱাই নিবলৈ চেষ্ট কৰিছিল যদিও ঋষভ পণ্ট আউট হোৱাৰ পিছত তাচ পাতৰ দৰে খহি পৰে ভাৰতৰ বেটিং লাইনআপ। ভাৰতৰ হৈ সৰ্বাধিক অধিয়ানক বিৰাট কোহলীয়ে ৫৭ ৰানৰ ইনিংছ খেলে। ৩৯ ৰানৰ বৰঙণি আগবঢ়াই ঋষভ পণ্টে।
খেলখনৰ আৰম্ভণিৰে পৰাই পাকিস্তানে ভাৰতীয় দলক চাপত ৰাখিবলৈ সক্ষম হয়। নিয়ন্ত্ৰিত বলিঙেৰে ভাৰতীয় দলক শ'লঠেকত পেলাই পাকিস্তানে। শাহিন আফ্ৰীদি আৰু হাৰিচ ৰৌফৰ বলিঙৰ ওচৰত তিষ্ঠিবই নোৱাৰিলে ভাৰতীয় দলে। পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদীয়ে তিনিটা উইকেট দখল কৰে।
ইফালে ১৫২ ৰানৰ লক্ষ্য আগত ৰাখি ইনিংছ আৰম্ভ কৰা পাকিস্তানে ভাৰতীয় বলিঙ লাইন আপৰ কঁকাল ভাঙি দিয়ে। দুই অপেনাৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ দুৰ্দান্ত বেটিঙৰ সহায়ত মাত্ৰ ১৭.৫ অভাৰতে লক্ষ্যত উপনীত হয় দলটো। মহম্মদ ৰিজৱানে মাত্ৰ ৫৫টা বলত ৭৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলাৰ লগতে বাবৰ আজমে ৫২ টা বলত ৬৮ ৰানৰ বৰঙণি আগবঢ়ায়।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 24, 2021, 23:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।