মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »ICC MEN T20 WORLDCUP 2022: আজি মেলবৰ্ণত চুপাৰ-১২ৰ এক মেচত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুঁজত নামিব ভাৰত

ICC MEN T20 WORLDCUP 2022: আজি মেলবৰ্ণত চুপাৰ-১২ৰ এক মেচত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুঁজত নামিব ভাৰত

টি২০ বিশ্বকাপৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে ৭খন মেচৰ ৬নতেই ভাৰতৰ হাতত পৰাস্ত পাকিস্তান

টি২০ বিশ্বকাপৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে ৭খন মেচৰ ৬নতেই ভাৰতৰ হাতত পৰাস্ত পাকিস্তান

টি২০ বিশ্বকাপৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে ৭খন মেচৰ ৬নতেই ভাৰতৰ হাতত পৰাস্ত পাকিস্তান

  • Share this:
অৱশেষত ক্ৰিকেট অনুৰাগীসকলৰ বহু প্ৰতীক্ষিত সেই দিনটো আহিল। কাৰণ আইচিচি টি-২০ বিশ্বকাপ ২০২২ৰ চুপাৰ-১২ত এখন 'ব্লকবাষ্টাৰ' মেচত আজি ভাৰতীয় ক্ৰিকেট দলে ৰোহিত শৰ্মাৰ অধিনায়কত্বত চিৰপ্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে যুঁজত নামিব। উক্ত মেচখন দিনৰ ১ বাজি ৩০ মিনিটত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। চলিত বৰ্ষত দুয়োটা দলে তৃতীয়বাৰৰ বাবে মুখামুখি হ'ব। ইয়াৰ আগতে, দুয়োটা শেহতীয়া এছিয়া কাপত দুবাৰকৈ লগ পাইছিল য'ত তেওঁলোক দুয়োটা দলে এখনকৈ মেচ জিকিছিল।
উল্লেখযোগ্য যে, ডুবাইত অনুষ্ঠিত বিগত টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুঁজত পাকিস্তানে গ্ৰুপ পৰ্যায়ত ভাৰতক পৰাস্ত কৰিছিল। এই সন্মানীয় প্ৰতিযোগিতাখনত পাকিস্তানৰ বিৰুদ্ধে এইটো ভাৰতৰ প্ৰথম পৰাজয় আছিল। উক্ত মেচখনত বিৰাট কোহলীৰ নেতৃত্বত দলটোৱে ১০ উইকেটত পৰাজিত হৈছিল। অৱশ্যে যে, এতিয়া কেপ্টেইন ৰোহিত শৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াৰ হাতত সেই পৰাজয়ৰ হিচাপ নিষ্পত্তি কৰাৰ সুযোগ আহি পৰিছে।

যদি টি-২০ বিশ্বকাপৰ কথা কোৱা হয় তেন্তে দুয়োটা দলে ইয়াৰ পূৰ্বে ৬ বাৰ মুখামুখি হৈছিল য'ত ভাৰতে পাকিস্তানক ৫ খনত পৰাজিত কৰাৰ বিপৰীতে পাকিস্তানে মাত্ৰ এখন মেচ জয়ী হৈছে। এইফালৰ পৰা ভাৰতীয় দলটোক হট ফেভাৰেট হিচাপে ৰখা হৈছে।

আনহাতে, টীম ইণ্ডিয়াই মেলবৰ্ণত মুঠ চাৰিখন টি-২০ মেচ খেলিছে য'ত ই দুখনত জয় লাভ কৰিছে আৰু এখনত পৰাজিত হোৱাৰ বিপৰীতে এখন মেচ অমীমাংসিত হয়। টীম ইণ্ডিয়াই এই সকলোবোৰ খেল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছে।

আজি অনুষ্ঠিত হ'বলগীয়া মেচখনৰ দুয়োটা দলৰ খেলুৱৈসকল এনেধৰণৰ-

ভাৰতঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, দিনেশ কাৰ্তিক, ঋষভ পন্ত, য়ুজবেন্দ্ৰ চাহাল, আক্সৰ পেটেল, ৰবিচন্দ্ৰন অশ্বিন, মহম্মদ ছামী, ভুৱনেশ্বৰ কুমাৰ, অৰ্শদীপ সিং, হৰ্ষল পেটেল, দীপক হুডা।

পাকিস্তানঃ বাবৰ আজম (অধিনায়ক), মহম্মদ ৰিজৱান, ফখৰ জামান, শান মাছুদ, মহম্মদ নৱাজ, খুছদিল শ্বাহ, আচিফ আলী, হায়দৰ আলী, ইফতিখাৰ আহমেদ, হৰিছ ৰউফ, নাছিম শ্বাহ, শ্বাহিন শ্বাহ আফ্ৰিদি, মহম্মদ ৱাছিম, শাদাব খান, মহম্মদ হাছানাইন।

শেহতীয়া বাতৰি