অসমৰ খেলজগতৰ বাবে সুখবৰ। টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোঁহাইয়ে সোমবাৰে নিশা IBA বিশ্ব মহিলা বক্সিঙত গুৰুত্বপূৰ্ণ জয়লাভ সাব্যস্ত কৰে।
তুৰস্কৰ ইষ্টানবুলত অনুষ্ঠিত বিশ্ব মহিলা বক্সিঙৰ ৭০ কেজি শাখাত লাভলিনা বৰগোঁহাইয়ে প্ৰাক্তন বিশ্ব চেম্পিয়ন চীন টাইপেৰ শক্তিশালী খেলুৱৈ চেন নিয়েন চিনক পৰাস্ত কৰে। উল্লেখযোগ্য যে ২০২১ চনৰ টকিঅ' অলিম্পিক গেমছতো লাভলিনা বৰগোঁহাইয়ে পৰাজিত কৰিছিল চীন টাইপেৰ খেলুৱৈ গৰাকীক। একেখন প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰা অসমৰ আনগৰাকী বক্সাৰ অংকুশিতা বড়োৱে প্ৰথম ৰাউন্ডত বাই পাইছে।
Published by: Kokil Sarma
FIRST PUBLISHED : May 10, 2022, 05:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।