কোভিড–১৯ৰ মাজতে ১৯ ছেপ্টেম্বৰৰ পৰা ইউনাইটেড আৰব এমিৰেটছত আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ২০২০। বিশ্ব ক্ৰিকেটৰ গ্লেমাৰাছ লীগখনত অংশগ্ৰহণৰ বাবে ইতিমধ্যে ডুবাইত গৈ উপস্থিত হৈছে ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ অসমৰ ৰিয়ান পৰাগ। খবৰ পোৱা অনুযায়ী, বিমানবন্দৰ, হোটেল আৰু অনুশীলনৰ ক্ষেত্ৰত সকলোতে কোৰোণা ভাইৰাছৰ বাবেই বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। হোটেলত পূৰ্বতে এটা কোঠাত দুজন খেলুৱৈ ৰাখিছিল যদিও এইবাৰ সামাজিক দূৰত্বৰ বাবে এটা কোঠাত এজনকৈ খেলুৱৈ থকাৰ ব্যৱস্থা কৰি দিছে কৰ্তৃপক্ষই।
অসমৰ ৰিয়ান পৰাগৰ সোফালৰ ৰুমটোতে আছে টীমমেট ১৯ বছৰৰ অনূৰ্ধ্বৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ চণ্ডীগড়ৰ মনন ভোহৰা। ২০১২ বৰ্ষতে আই পি এলত অভিষেক ঘটোৱা ভোহৰা ৰাজস্থান ৰয়েলছৰ নৱাগত সদস্য। মননে পূৰ্বে কিংছ ইলেভেন পঞ্জাৱ আৰু ৰয়েল চেলেঞ্জ বেংগালুৰু দলৰ হৈ সফলতাৰে খেলিছিল। প্ৰতিভাৱান খেলুৱৈগৰাকীক ওচৰতে পাই উৎফুল্লিত হৈ পৰে ৰিয়ান পৰাগ। সেয়ে অনুশীলনৰ মাজতে অৱসৰৰ সময়ত দূৰৰ পৰাই ধেমালি কৰিছে দুয়োগৰাকী ক্ৰিকেটাৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 23, 2020, 22:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।