দেওবাৰে হকী বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে জীৱন-মৃত্যুৰ মেচ খেলিছিল। তাৰ আগতে ভাৰতীয় হকী শিবিৰত এটা ডাঙৰ জোকাৰণিৰ সৃষ্টি হৈছিল। দলৰ গুৰুত্বপূৰ্ণ মিডফিল্ডাৰ হাৰ্ডিক সিঙে আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হ’ল। ৰাজকুমাৰ পালকক তেওঁৰ সলনি দলত লোৱা হৈছিল। দেওবাৰে অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ ক্ৰছ অভাৰ ষ্টেজ মেচখনত হাৰ্ডিকৰ অনুপস্থিতিৰ ক্ষতিপূৰণ দিবলৈ ভাৰতে মনদ্বীপ সিং আৰু আকাশদীপ সিঙৰ প্ৰতি লক্ষ্য ৰাখিছিল।
ৰেংকিঙত ভাৰতৰ স্থান ৬ নম্বৰ। তাত নিউজিলেণ্ডৰ ৰেংকিং ১২। যোৱা অক্টোবৰ-নৱেম্বৰ মাহত প্ৰ’ লীগত দুবাৰকৈ কিউইক পৰাস্ত কৰিছিল ভাৰতে। কিন্তু আজিৰ দিনটোতে কলিংগ ষ্টেডিয়ামত প্ৰথম ১৫ মিনিটত ভাৰতীয় দলটো সম্পূৰ্ণৰূপে আগ্ৰাসী নহ’ল। নিজৰ ডিফেন্সক শক্তিশালী কৰি ৰাখি আক্ৰমণ চলাইছিল। চাৰ্কল পেনেট্ৰেচন আৰু পেনাল্টি কৰ্ণাৰ ক্ষেত্ৰত ভাৰত আগবাঢ়িছিল।
দ্বিতীয় কোৱাৰ্টাৰৰ আৰম্ভণিত ভাৰতে আগবাঢ়ি আছিল। ললিত উপাধ্যায়ে গ’ল দিবলৈ কোনো ত্ৰুটি নাৰাখিলে যেতিয়া শ্বামছেৰ সিঙে পাছটো বঢ়াই দিছিল। ১ মিনিটৰ পাছত নীলকান্ত শৰ্মাই ব্যৱধান বৃদ্ধি কৰে যদিও বেক ষ্টিকৰ বাবে সেই গ’লটো ভাৰতৰ হৈ নহ’ল। অৱশ্যে তিনি মিনিটৰ অন্তত সুখজিতে ভাৰতক ২-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। হৰমনৰ পেনাল্টি কৰ্ণাৰৰ পৰা যেতিয়া বলটো ঘূৰি আহিল, তেতিয়া তেওঁ বলটো নেটৰ দিশে আগবঢ়াই দিয়াত কোনো ত্ৰুটি নাৰাখিলে। কিন্তু শেষত ভাৰত ৪-৫ গ’লত পৰাস্ত হয়। টীম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ সপোন আধৰুৱা হৈ ৰ'ল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|