ৰবি শাস্ত্ৰীৰ যুগ শেষ হ'ল৷ এইবাৰ ভাৰতীয় ক্ৰিকেটত দ্ৰাবিড় অধ্যায় আৰম্ভ হ'ব৷ বৃহস্পতিবাৰে বিচিচিআয়ে ভাৰতীয় দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে৷ এতিয়া সকলোৰে প্ৰশ্ন হৈছে– প্ৰশিক্ষক সলনি হৈছে, ভাৰতীয় দলৰ অধিনায়কো সলনি হ'ব নেকি?
বগা বলৰ ক্ৰিকেটত অধিনায়ক হিচাপে দ্ৰাবিড়ৰ পছন্দ হৈছে ৰোহিত শৰ্মা। এই বিষয়েও তেওঁ ইংগিত দিয়ে। বিৰাট কোহলিয়ে ইতিমধ্যে চলিত টি-২০ বিশ্বকাপৰ শেষত ভাৰতীয় দলৰ টি-২০ অধিনায়কত্বৰ পদৰ পৰা প্ৰস্থান কৰাৰ কথা ঘোষণা কৰিছে৷ অৱশ্যে, কোহলিয়ে টেষ্ট আৰু এদিনীয়াত অধিনায়কত্ব ত্যাগ কৰিব বুলি কোৱা নাই৷
কিন্তু বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ভাৰতীয় দলৰ অধিনায়ক হিচাপে বিৰাট কোহলিয়ে বেছিদিন এদিনীয়া ক্ৰিকেটত নাথাকিব৷ সেয়েহে ৰোহিতকেই (Rohit Sharma) অধিনায়ক পাতিব পাৰে দ্ৰাবিড়ে। ৰোহিত শৰ্মা অধিনায়ক হিচাপে টি-২০ৰ স্থানত আছে৷ এয়া কেৱল সময়ৰ কথা৷ দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডক (BCCI) দিয়া এক সাক্ষাৎকাৰৰ সময়ত তেওঁৰ ইচ্ছাৰ বিষয়েও কৈছিল বুলি জানিব পৰা গৈছে৷
বিৰাটৰ কাৰ্যকাল শেষ হ'লে ভাৰতীয় দলৰ অধিনায়ক হিচাপে ৰোহিতকে পছন্দ কৰিব দ্ৰাবিড়ে। তেওঁ অভিজ্ঞতাৰ বাবে ৰোহিতক পছন্দ কৰে। দ্ৰাবিড়ে দ্বিতীয় পছন্দৰ নামো উল্লেখ কৰিছে, তেওঁ হৈছে লোকেশ ৰাহুল (K L Rahul)।
বুধবাৰে ভাৰত বনাম আফগানিস্তানৰ খেলৰ সময়ত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ৰাহুলক নতুন মুখ্য প্ৰশিক্ষক হিচাপে মনোনীত কৰে। তেওঁ কিছুদিন আগতে শ্ৰীলংকা ভ্ৰমণত ভাৰতীয় দলৰ প্ৰশিক্ষক আছিল। তেতিয়াৰ পৰা দ্ৰাবিড়ক লৈ জল্পনা-কল্পনা চলি আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|