নিউজিলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দল আৰু এদিনীয়া দল ঘোষণা কৰা হৈছে। বিস্ফোৰক অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নিউজিলেণ্ড ভ্ৰমণত টি-২০ শৃংখলাত ভাৰতীয় দলটোক নেতৃত্ব দিব। ঋষভ পন্তক দলটোৰ সহ-অধিনায়ক কৰা হৈছে। ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল আৰু দিনেশ কাৰ্তিক আৰু মহম্মদ ছামীৰ দৰে জ্যেষ্ঠ খেলুৱৈসকল নিউজিলেণ্ড ভ্ৰমণত ভাৰতীয় দলৰ অংশ নহ'ব। শিখৰ ধাৱানে এই ভ্ৰমণত ভাৰতীয় এদিনীয়া দলৰ অধিনায়কত্ব গ্ৰহণ কৰিব। একে সময়তে, ৰোহিতকে ধৰি সকলো জ্যেষ্ঠ খেলুৱৈ বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত উভতি আহিব।
নিউজিলেণ্ড ভ্ৰমণৰ উপৰিও, বিচিচিআইয়ে বাংলাদেশ ভ্ৰমণৰ বাবে টীম ইণ্ডিয়া ঘোষণা কৰিছে। টীম ইণ্ডিয়াই ডিচেম্বৰত তিনিখন এদিনীয়া আৰু দুখন টেষ্ট মেচৰ শৃংখলাৰ বাবে চুবুৰীয়া দেশ ভ্ৰমণ কৰিব। আজিংক্য ৰাহানে আৰু হনুমা বিহাৰীয়ে টেষ্ট দলত স্থান পোৱা নাই।
নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতৰ দল: হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ঋষভ পন্ত (উপ-অধিনায়ক), ঈশান কিষাণ, শুভমান গিল, দীপক হুডা, সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, সঞ্জু চেমচন, ৱাশ্বিংটন সুন্দৰ, যুজবেন্দ্ৰ চাহল, কুলদীপ যাদৱ, হৰ্ষল পেটেল, মহম্মদ চিৰাজ, ভুৱনেশ্বৰ কুমাৰ, অৰ্শদীপ সিং, উমৰণ মালিক।
নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ দল: শিখৰ ধাৱান (অধিনায়ক), ঋষভ পন্ত (উপ-অধিনায়ক), শুভমান গিল, দীপক হুডা, শ্ৰেয়াছ আয়াৰ, যাদৱ, সঞ্জু চেমচন, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, শ্বাহবাজ আহমেদ, ৱাশ্বিংটন সুন্দৰ, উমৰণ মালিক, কুলদীপ সেন, শাৰ্দুল ঠাকুৰ, দীপক চাহাৰ, অৰ্শদীপ সিং।
বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ দল: ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (সহ-অধিনায়ক), বিৰাট কোহলী, ঈশান কিষাণ, ৰজত পাতিদাৰ, ৰাহুল ত্ৰিপাঠী, ৰবীন্দ্ৰ জাদেজা, অক্সাৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, মহম্মদ ছামী, যশ দয়াল, মহম্মদ চিৰাজ, শাৰ্দুল ঠাকুৰ, শিখৰ ধাৱান, ঋষভ পন্ত
বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতৰ দল: ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (সহ-অধিনায়ক), শুভমান গিল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত (উইকেট-ৰক্ষক), কে এছ ভৰত (উইকেট-ৰক্ষক), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্সাৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ ছামী, মহম্মদ চিৰাজ, উমেশ যাদৱ, শাৰ্দুল ঠাকুৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|