চীনৰ হংজাওত ১০-২২ ছেপ্তেম্বৰলৈ হোৱাৰ কথা আছিল এছিয়ান গেমছ।
চীনৰ হংজাওত ১০-২২ ছেপ্তেম্বৰলৈ হোৱাৰ কথা আছিল এছিয়ান গেমছ।
এছিয়া মহাদেশৰ ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাযুদ্ধ "এছিয়ান গেমছ"। চীনৰ হংজাও চহৰত অনুষ্ঠিত হ'বলগীয়া উনবিংশতিতম এছিয়ান গেমছ ২০২২ পিছুৱালে। কোভিডৰ ভয়াৱহ সংক্ৰমণৰ বাবেই পিছুৱালে চীনত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছ।
চীনৰ হংজাওত ১০-২২ ছেপ্তেম্বৰলৈ হোৱাৰ কথা আছিল প্ৰতিযোগিতা খন। বৰ্তমান সময়ত চীনৰ বিভিন্ন চহৰত কোভিডৰ সংক্ৰমণ ভয়াৱহ হাৰত বৃদ্ধি পোৱাৰ বাবেই ২০২৩ পৰ্য্যন্ত পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে এছিয়ান গেমছ। দ্যা অলিম্পিক কাউন্সিল অব এছিয়াই শুকুৰবাৰে এই ঘোষণা কৰে।
উল্লেখযোগ্য যে, এইপৰ্য্যন্ত অসমৰ তিনিগৰাকী সফল খেলুৱৈ ক্ৰমে বক্সিঙত লাভলীনা বৰগোঁহাই, আৰ্চাৰীত জয়ন্ত তালুকদাৰ আৰু এথলেটিকছত অম্লান বৰগোঁহাইয়ে এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছিল। ইফালে চীনৰ ব্যৱসায়িক মূল চহৰ ছাংহাইত যোৱা এমাহ ধৰি কোভিডৰ বাবেই লকডাউন চলি আছে। চীনৰ ৰাজধানী চহৰ বেইজিঙতো ভয়াৱহ হাৰত বাঢ়িছে কোভিডৰ সংক্ৰমণ।
যোৱা ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছত অসমৰ ছগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। এইবাৰো আশা কৰা হৈছিল যে, অসমৰ পৰা অতি কমেও ৭-৮ গৰাকী খেলুৱৈয়ে এছিয়ান গেমছত অংশ লব। এতিয়া গেমছ পিছুৱাই দিয়াত অন্যান্য ইভেণ্টত যোগ্যতা নিৰ্ণায়ক খেলো পিছুৱাই যাব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|