• Home
  • »
  • News
  • »
  • sports
  • »
  • TOPCEM-ASJA Cricket Championship: নয়ন প্ৰতীম কুমাৰৰ ৫৩ ৰান আৰু ৰবীন দাসৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে গুৱাহাটী প্ৰেছ ক্লাব পুনৰ চেম্পিয়ন 

TOPCEM-ASJA Cricket Championship: নয়ন প্ৰতীম কুমাৰৰ ৫৩ ৰান আৰু ৰবীন দাসৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে গুৱাহাটী প্ৰেছ ক্লাব পুনৰ চেম্পিয়ন 

মিডিয়া ক্ৰিকেটৰ ফাইনেলত ১১ ৰানত পৰাস্ত কৰিলে মিডিয়া মেনেজমেণ্টক

মিডিয়া ক্ৰিকেটৰ ফাইনেলত ১১ ৰানত পৰাস্ত কৰিলে মিডিয়া মেনেজমেণ্টক

মিডিয়া ক্ৰিকেটৰ ফাইনেলত ১১ ৰানত পৰাস্ত কৰিলে মিডিয়া মেনেজমেণ্টক

  • Share this:
অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম আন্তঃমিডিয়া ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ (TOPCEM-ASJA Inter Media Cricket Championship) খিতাপ অক্ষুণ্ণ ৰাখিলে গুৱাহাটী প্ৰেছ ক্লাবে। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলত গুৱাহাটী প্ৰেছ ক্লাবে ১১ ৰানত পৰাস্ত কৰিলে মিডিয়া মেনেজমেণ্টক।

টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰা গুৱাহাটী প্ৰেছ ক্লাবে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৩৮ ৰান। বেটিঙত গুৱাহাটী প্ৰেছ ক্লাবৰ নয়ন প্রতীম কুমাৰৰ অপৰাজিত ৫৩ ৰান আৰু ৰবীন দাসৰ ২০ ৰান, মৃগাংক শৰ্মাৰ ১৭ৰান আৰু হিৰকজ্যোতি মালাকাৰে আগবঢ়োৱা অৱদানৰ ভিত্তিত ১৩৯ৰানৰ লক্ষ্য বান্ধি দিয়ে মিডিয়া মেনেজমেণ্টক ।

প্ৰত্যুত্তৰত মিডিয়া মেনেজমেন্টে ২০ অভাৰত ৭ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১২৭ ৰান। বলিঙত গুৱাহাটী প্ৰেছ ক্লাবৰ (Guwahati Press Club) হৈ ৰবীন দাসে ৩টা, দিগন্ত গোস্বামী আৰু আবুদ্দিন খানে লাভ কৰে ২টা কৈ উইকেট। বেটিং আৰু বলিঙত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা বিজয়ী দল গুৱাহাটী প্ৰেছ ক্লাবৰ ৰবীন দাসে লাভ কৰে মেন অব দ্যা মেচ সন্মান।

আনহাতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ বেটছমেন হিচাপে নিৰ্বাচিত হয় গুৱাহাটী প্ৰেছ ক্লাবৰ মৃগাংক শৰ্মা। মেন অৱ দ্য টুৰ্নামেণ্টৰ খিতাপ মিডিয়া মেনেজমেণ্টৰ (Media Management) ৰাজ হুছেইন, শ্ৰেষ্ঠ বলাৰৰ খিতাপ লাভ কৰে মিডিয়া মেনেজমেণ্টৰে গোবিন্দ সিংহই ৷ আনহাতে টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ ফিল্ডাৰৰ সন্মান লাভ কৰিলে ASJAৰ আজাদ গগৈয়ে ৷ প্ৰতিযোগিতাৰ শেষত বিশিষ্ট ক্ৰীড়াবিদ তৈবুন নিচা, টপচেম চিমেণ্টৰ শীৰ্ষ বিষয়া অনিল কাপুৰ, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ, সুবুধমল্ল বৰুৱা আদিয়ে প্ৰদান কৰিলে বঁটা।  উল্লেখযোগ্য যে উপৰ্যুপৰি দ্বিতীয়বাৰ বাবে এই প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ দখল কৰে গুৱাহাটী প্ৰেছ ক্লাবে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি